সাহিত্য জাতিৰ পৰিচয়, ভাষা-সাহিত্য-সংস্কৃতিহীন জাতিৰ উন্নতি অসম্ভৱ
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰে উৎসৱমুখৰ পৰিৱেশত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে “৪২শ্বহীদ হেমৰাম পাটৰ সমন্বয় ক্ষেত্ৰ” বাৰপূজীয়াত আৰম্ভ হৈছে তিৱা সাহিত্য সভা ৷ আজি পুৱা ১০ বজাত মুলদ্বাৰ মুকলি কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই ৷ পুৱা ১০.৩০ বজাত শ্বহীদ হেমৰাম পাতৰ ক্ষেত্ৰ উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতিয়ে । পুৱা ১১ বজাত তিৱা মাথনলাই তখ্ৰাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় উন্মোচন কৰে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ চন্দ্ৰ বৰদলৈয়ে ।
পুৱা ১১.৩০ বজাত মঞ্চ আৰু সভাগৃহ উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । পুৱা ১১.৪৫ বজাত অতিথি শালা উন্মোচন কৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ কৃষ্ণ কান্ত মেধিয়ে । দুপৰীয়া ১২ বজাত বানিজ্য মেলা উন্মোচন কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বেদ কুমাৰ চলিহাই । দুপৰীয়া ১২.১৫ বজাত ভোজনালয় উন্মোচন কৰে বিশিষ্ট সমাজ সেৱিকা গীতামনি কলিতা ভূঞাই৷ দুপৰীয়া ১২.৩০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন মুকলি কৰে তিৱা মাথনলাই তখ্ৰাৰ সহ সম্পাদক মৃণাল কুমাৰ দেউৰজাই ।
দুপৰীয়া ১২.৪৫ বজাত প্ৰতিনিধিৰ শিবিৰ মুকলি কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যাপক ৰুদ্ৰ দাসে । বিয়লি ১ বজাত প্ৰদৰ্শনী আৰু গ্ৰন্থ মেলা উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ধৰ্মেন্দ্ৰ নাথ বৰদলৈয়ে । বিয়লি ১.১৫ বজাত “চামাদি ” উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য চিদাম দেউৰীয়ে । বিয়লি ১.৩০ বজাত “ন’বাৰ ” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক মুৰুলীধৰ দাসে । ন’বাৰ উন্মোচন কৰি নিজৰ ভাষণ প্ৰসংগ কয়- # “সংস্কৃতি জাতিৰ পৰিচয়_যি জাতিৰ কোনো ভাষা-সাহিত্য- সংস্কৃতি নাথাকে সেই জাতিৰ কেতিয়াও উন্নতি হব নোবাৰে বা আগুৱাই যাৱ নোবাৰে” ৷
বিয়লি ২ বজাত তখ্ৰাৰ কেন্দ্ৰীয় সমিতিৰ চলিত কাৰ্যকালৰ অন্তিম খন কাৰ্যকৰী সভাত আদৰণি ভাষণ প্ৰদান কৰে বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমাকান্ত দেউৰী আৰু সম্পাদক বলীন্দ্ৰ ডেকা ৰজাই । নিজৰ ভাষণ প্ৰদান কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয়- “তিৱা সাহিত্য সভাই তিৱা জাতিৰ উত্তৰণৰ দিশত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ তিৱা জাতিৰ হেৰাই যোৱা ঐতিহ্য-সংস্কৃতি ধৰি ৰাখিবৰ বাবে বৰ্তমান অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক দৃঢ় পদক্ষেপ হাতত লৈছে ৷ জাতিৰ প্ৰথম পৰিচয় ভাষা-সংস্কৃতি-সাহিত্যক যদি আমি তিৱা সকলেই সংৰক্ষণ কৰিব নোবাৰো আমি আমাৰ জাতিক পৰিচয় কৰাব নোবাৰিম” ৷
বিয়লি ৩ বজাত প্ৰতিনিধি সভা উদ্বোধন কৰে তিৱা মাথনলাই তখ্ৰাৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাতৰে । সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে শিল্পী পেঞ্চনাৰ নাদিৰাম দেউৰীয়ে । উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাবে বিশিষ্ট বাঁহি বাদক মুকুন্দ টেৰণে অংশগ্ৰহণ কৰে ।
দ্বিতীয় দিনা কাইলৈ শনিবাৰে পুৱা ৭.৩০ বজাত পতাকা উত্তোলন কৰিব তিৱা মাথনলাই তখ্ৰাৰ সভাপতি লালচিং মাদাৰে । পুৱা ৮ বজাত স্মৃতি তৰ্পণ কৰিব তিৱা মাথনলাই তখ্ৰাৰ সাধাৰণ সম্পাদক ডঃ বিদ্যুৎ বিকাশ সেনাপতিয়ে । পুৱা ৮.৩০ বজাত প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক । পুৱা ১০ বজাত গ্ৰন্থ উন্মোচন আৰু গ্ৰন্থ লেখকক আদৰণি অনুষ্ঠানত সঞ্চালক হিচাপে অংশগ্ৰহণ কৰিব ২০২১ চনত সাহিত্য অকাডেমি ভাষা সন্মান বঁটাপ্ৰাপক হৰচিং খলাৰে । গ্ৰন্থ উন্মোচক হিচাপে অংশগ্ৰহণ কৰিব তিৱা মাথনলাই তখ্ৰাৰ প্ৰাক্তন সভাপতি তুলসী বৰদলৈ , বিশিষ্ট লেখক ভি লেন খলাৰ , তিৱা ৰাজদৰবাৰৰ সভাপতি জুৰচিং বৰদলৈ , প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া জন ইংতি কাথাৰ , অসম চৰকাৰৰ লোকপিয়ল বিভাগৰ সঞ্চালক নাৰায়ণ কোঁৱৰ ,লালুং বুদ্ধিজীৱি মঞ্চৰ সম্পাদক ডাঃ পুনিৰাম পাতৰে ।
পুৱা ১১ বজাত বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰৰ সঞ্চালনাত সাহিত্য সন্মিলন , সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠানত ” তিৱা ভাষাৰ মৌলিক সাহিত্য- অতীত, বৰ্তমান আৰু ভবিষ্যত উত্তৰণৰ উপায়” শীৰ্ষক আলোচনা চক্ৰত বিশিষ্ট অতিথি হিচাবে প্ৰথিতযশা সাহিত্যিক ডঃ ৰীতা চৌধুৰী ,সমল ব্যক্তি হিচাবে তিৱা মাথনলাই তখ্ৰাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডি উফিং মাছালাই , উত্তৰ -পূব আঞ্চলিক ভাষা কেন্দ্ৰ – গুৱাহাটীৰ ভাৰপ্ৰাপ্ত বিষয়া অনিন্দ্ৰ বহ্ম , তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ অৰূপ কুমাৰ নাথে অংশগ্ৰহণ কৰিব ।সভাত হৰচিং খলাৰ আৰু গোভা ৰজা দীপচিং দেউৰজাক সম্বৰ্ধনা জনোৱা হব ।
বিয়লি ১ বজাত ” তিৱা আৰু অন্যান্য জনজাতীয় ভাষাসমূহৰ বিকাশ আৰু নতুন শিক্ষা নীতি – ২০২০” শীৰ্ষক আলোচনা চক্ৰ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই , সঞ্চালনা কৰিব খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ সভাপতি গোবিন্দ টাইডে , বিশিষ্ট অতিথি হিচাবে অসমৰ শিক্ষা আৰু ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু , সমল ব্যক্তি হিচাবে বিশিষ্ট সাহিত্যিক মনেশ্বৰ দেউৰী,আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি গবেষণা সংস্থাৰ সঞ্চালক ডঃ দিলীপ কলিতা , সন্মানীয় অতিথি হিচাবে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো , নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভা , গাৰো সাহিত্য সভাৰ সভাপতি সূৰয চাংমা, দেউৰী সাহিত্য সভাৰ সভাপতি ফিজু কুমাৰ দেউৰী , ডিমাছা সাহিত্য সভাৰ সভাপতি ৰমেশ থাউচেন , কাৰ্বি সাহিত্য সভাৰ সভাপতি শুকুৰচিং ৰংপিয়ে অংশগ্ৰহণ কৰিব । বিয়লি ৫ বজাত ‘বৰত উংসৱত’ অংশগ্ৰহণ কৰিব তেতেলীয়া তিৱা সাংস্কৃতিক দলে । নিশা ৭ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে ৷
প্ৰেৰক মানস নাথ