নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ মার্চত টেট শিক্ষকৰে বৈঠক শিক্ষামন্ত্রী ডাঃ পেগুৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ন্যায্য প্রাপ্তিৰ দাবীৰে ধাৰাবাহিকভাৱে কৰি অহা আন্দোলনৰ পাছত টেট শিক্ষকসকলৰে আলোচনাত বহিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু৷ অহা ৯ মার্চত টেট শিক্ষকসকলৰ দাবীসমূহ আলোচনাৰ বাবে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ সমাজ আৰু শিক্ষামন্ত্রীৰ মাজত আনুষ্ঠানিকভাৱে আলোচনা অনুষ্ঠিত হ’ব৷ শুকুৰবাৰে শিক্ষক সমাজৰ নেতৃবৃন্দৰে হোৱা আলোচনাকালত এই কথা সদৰী কৰে সর্বশিক্ষা অভিযানৰ মিছন সঞ্চালকে৷

উল্লেখ্য যে টেট শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণৰ লগতে ২০১৯ চনৰ পৰা বঞ্চিত হৈ অহা বর্ধিত মৰগীয়া বানচ তথা ইয়াৰ বকেয়া আদায় দিয়াৰ দাবী উত্থাপন কৰি আহিছে৷ ইতিমধ্যে এই দাবী লৈ টেট উত্তীর্ণ শিক্ষক সমাজৰ উদ্যোগত ৰাজ্যত একাধিক আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰা হৈছে৷ শেহতীয়াকৈ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ প্রসংগ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কৰা মন্তব্যৰো ক্ষোভ প্রকাশ কৰিছে ঠিকাভিত্তিক শিক্ষকসকলে৷ শিক্ষামন্ত্রীগৰাকীৰ মন্তব্যৰ বিৰুদ্ধে ঠিকাভিত্তিক শিক্ষকসকলে ক’লা বেজ পৰিধান কৰি প্রতিবাদো সাব্যস্ত কৰিছে৷

তদুপৰি তেওঁলোকৰ দাবীসমূহ পূৰণৰ আহ্বানেৰে অহা ২৮ ফেব্রুৱাৰীত সর্বশিক্ষা অভিযানৰ কার্যালয় ঘেৰাও কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল টেট উত্তীর্ণ শিক্ষক সমাজে৷ ইয়াৰ মাজতে কালি সর্বশিক্ষা অভিযানৰ মিছন সঞ্চালকে আলোচনালৈ মাতে শিক্ষক সংগঠনটোৰ নেতৃবৃন্দক৷ এই আলোচনা কালতে মিছন সঞ্চালকগৰাকীয়ে অহা ৯ মার্চত শিক্ষামন্ত্রীৰ উপস্থিতিত টেট শিক্ষকসকলৰ সমস্যা সন্দর্ভত আলোচনা অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে৷ ইয়াৰ পাছতে ২৮ ফেব্রুৱাৰীত ৰূপায়ণ কৰিবলগীয়া সর্বশিক্ষা অভিযানৰ কার্যালয় ঘেৰাও কার্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি এক বিবৃতিৰ জৰিয়তে সদৰী কৰিছে প্রাথমিক টেট শিক্ষক সমাজৰ সভাপতি ত্রৈলোক্য ডেকা আৰু সম্পাদকদ্বয় মিৰাজুল ৰছিদ আৰু দীপার্ণৱ ঘোষে৷ অৱশ্যে ৯ মার্চত অনুষ্ঠিত হ’বলগীয়া আলোচনাৰ সিদ্ধান্তৰ ওপৰতে টেট শিক্ষকৰ পৰৱর্তী কার্যপন্থা নির্ধাৰিত হ’ব বুলিও সংগঠনটোৱে বিবৃতিৰ জৰিয়তে স্পষ্ট কৰি দিছে৷

You might also like