হোজাইত আৰক্ষীৰ নামত ধন বিচাৰি গ্ৰেপ্তাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক
নিয়মীয়া বার্তা,২৬ ফেব্ৰুৱাৰী: হোজাইৰ মোৰাঝাৰত আৰক্ষীৰ নামত ধন দাবী কৰি গাঁওৰক্ষী বাহিনীৰ এজন সম্পাদক গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মোৰাঝাৰ আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা এটা গোচৰ মিমাংসাৰ নামত ধন দাবী কৰাৰ অভিযোগত মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চামৰালি বজাৰ গাঁৱৰ ৰশ্বিদ আহমেদ নামৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক জনক৷ হোজাইৰ ডবকা ৰাজহ চক্ৰৰ অধীনস্থ চামৰালি বজাৰ গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক ৰশ্বিদ আহমেদে বিভিন্ন গোচৰ মিমাংসাৰ ভুৱা পলোভন দি সাধাৰণ ৰাইজৰ পৰা দীৰ্ঘদিন ধৰি ধন সংগ্ৰহৰ কৰি অহাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছিল। শেহতীয়া ভাৱে চামৰালি বজাৰ গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক ৰশ্বিদ আহমেদে আৰক্ষীৰ নামত ধন বিচৰাৰ এটা অ’ডিঅ ভাইৰেল হোৱাৰ পিছত হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত মোৰাঝাৰ আৰক্ষীয়ে তাৎক্ষনিকভাৱে আটক কৰে গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰশ্বিদ আহমেদক। উল্লেখ্য যে গাঁওখনৰ আলতাফ হুছেইন নামৰ যুৱকজনৰ এটা গোচৰ মিমাংসাৰ নামত চামৰালি বজাৰ গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক ৰশ্বিদ আহমেদে চৌধুৰী বজাৰ উপ আৰক্ষী বিষয়াৰ নামলৈ পাচঁ হাজাৰ টকা বিচৰাৰ এটা অ’ডিঅ ভাইৰেল হৈ পৰিছিল।
উক্ত ধন বিচৰাৰ অডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে হোজাই আৰক্ষী অধীক্ষকৰ নিৰ্দেশত যোৱা নিশা গাওঁৰক্ষী বাহিনীৰ সম্পাদক ৰশ্বিদ আহমেদক আটক কৰে মোৰাঝাৰ আৰক্ষীয়ে ৷ আজি আৰক্ষীৰ নামলৈ দালালি কৰা চামৰালি বজাৰ গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক ৰশ্বিদ আহমেদক মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাত আদালতে জেল হাজোলৈ প্ৰেৰণ কৰে৷ কিন্তু আৰক্ষীৰ নামত নিৰীহ লোক ধন দাবী কৰা চামৰালি বজাৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰশ্বিদ আহমেদৰ ঘটনা এক উদাহৰণস্বৰূপ। উল্লেখযোগ্য যে মোৰাঝাৰ আৰক্ষী থানা এলেকাত গাওঁৰক্ষী বাহিনীৰ লেবেল লগাই একাংশই আৰক্ষীৰ নামত সহজ সৰল লোকক ব্লেকমেইলিং কৰাৰ এক দীৰ্ঘদিনীয়া অভিযোগ আছে। দালালিৰ বাট মুকলি কৰিবলৈ গাওঁৰক্ষী বাহিনীৰ দায়িত্বত থকা একাংশই বিশেষ প্ৰয়োজন নোহোৱা সত্ত্বেও আৰক্ষী থানাৰ চৌহদে চৌহদে ঘুৰি ফুৰি দালালি কৰা প্ৰায়ে লক্ষ্য হয়। এনে ক্ষেত্ৰত আৰক্ষীয়েও কঠোৰ ভুমিকা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে।
প্ৰেৰকঃ কিশলয় ডি গোস্বামী