বন্ধ ষ্টেডিয়ামত কোহলিৰ শততম টেষ্ট
নিময়ীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক বিৰাট কোহলিয়ে দর্শকৰ অনুপস্থিতিত কেৰিয়াৰৰ শততম টেষ্ট খেলিব লাগিব৷ অহা ৪ মার্চৰ পৰা ভাৰত আৰু শ্রীলংকাৰ মাজত পঞ্জাবৰ ম’হালিত অনুষ্ঠিত হ’বলগীয়া প্রথম টেষ্টত বিচিচিআয়ে দর্শকৰ প্রৱেশ নিষিদ্ধ কৰিছে৷ পঞ্জাব ক্রিকেট সন্থাই শনিবাৰে সদৰী কৰা অনুসৰি ম’হালিত শেহতীয়াকৈ ক’ভিড–১৯ৰ সংক্রমণৰ ঘটনা পুনৰ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি ব’র্ডে সতর্কতামূলক ব্যৱস্থা হিচাপে প্রথম টেষ্টত দর্শকৰ প্রৱেশ নিষিদ্ধ কৰিছে৷
উল্লেখ্য যে শ্রীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাৰ পিছতে ভাৰতীয় খেলুৱৈসকল ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ বাবে জৈৱ সুৰক্ষিত বলয়ত প্রৱেশ কৰিব৷ সেয়ে ব’র্ডে আই পি এলৰ প্রাকমুহূর্তত খেলুৱৈসকলক লৈ কোনো ৰিস্ক ল’ব বিচৰা নাই৷