নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত অসম সেনাৰ অধিৱেশনঃ পূৰ্ণাংগ সমিতি গঠন

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত আজি বালিপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিপৰা আঞ্চলিক উন্নতি সভাৰ আতিথ্যত অসম সেনাৰ শোণিতপুৰ জিলাৰ অধিৱেশনখন অনুষ্ঠিত হয় । জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে সভাপতিত্ব কৰা মূল সভাখনত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে অসম সেনাৰ শোণিতপুৰ জিলাৰ মুখ্য সংগঠক তথা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাজনীশ শইকীয়াই । উদ্দেশ্যে ব্যাখ্যাই শইকীয়াই কয় যে অসম সেনাই জন্মলগ্নৰেপৰা অৰাজনৈতিকভাৱে অসমৰ জাতীয় বিকাশৰ হকে কাম কৰি আহিছে । আছুত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে অসমৰ প্ৰতিখন জিলাত অসম সেনাৰ অসম্পূৰ্ণ সমিতিসমূহ পূৰ্ণাংগ কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে । বালিপৰা আঞ্চলিক উন্নতি সভাৰ সম্পাদক অংকুৰ দাসে আদৰণী ভাষণ দিয়ে। অনুষ্ঠানটোত আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিতুল বৰা, অসম সেনাৰ জিলা সংগঠক ৰাজনীশ শইকীয়া, জিলা সাহিত্য সম্পাদিকা পৰীস্মিতা বৰা, জিলা বিত্ত সম্পাদক হীৰেন মেধি, আছুৰ উপদেষ্টা ভৰত ডেকা, বালিপৰা আঞ্চলিক আছুৰ সভাপতি নিৰ্মল নাথ, চাৰিদুৱাৰ আঞ্চলিক আছুৰ সভাপতি জ্যোতিস্মান বৰাৰ লগতে জিলাৰ অধীয়নৰ ১০খন আঞ্চলিকৰ বিষয়ববীয়া, আছুৰ বিষয়ববীয়া, ৰাইজ উপস্থিত থাকে । সভাৰ আৰম্ভণীতে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচীও অনুষ্ঠিত হয় । মূল সভাৰ লগত সংগতি ৰাখি সৰ্বসন্মতিমৰ্মে ক্ৰমে ৰাজনীশ শইকীয়াক মুখ্য সংগঠক, পাঁচজন সংগঠক আৰু ২৫জন কাৰ্যনিৰ্বাহক সদস্যক লৈ শোণিতপুৰ জিলা অসম সেনা নতুন তথা পূৰ্ণাংগ ৩১ জনীয়া সমিতিখন গঠন কৰা হয় ।

প্ৰেৰক প্ৰাঞ্জল পি বৰা

You might also like