নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্ৰেইনত আবদ্ধ ধুবুৰী আলমগঞ্জৰ এজন যুৱকঃ চুমী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আশিক হোছেইন সৰকাৰ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ চৰম অনিশ্চিয়তাত এতিয়া ধুবুৰী জিলাৰ আলমগঞ্জৰ এটা পৰিয়াল। মৰমৰ পুত্ৰৰ চিন্তাত ভাত–পানী এৰিছে মাতৃ–পিতৃয়ে। ৰাছিয়াই ইউক্ৰেন আক্ৰমণ কৰাৰ পিছৰে পৰাই এনে অৱস্থা পৰিয়ালটোৰ। কিয়নো নিজ পুত্ৰ আৱদ্ধ হৈ আছে দেশখনত। পুত্ৰ আশিক হোছেইন সৰকাৰ অসমৰ অইন দুই যুৱকৰ সৈতে ইউক্ৰেনৰ সুমী নামৰ অঞ্চল এটাত আৱদ্ধ হৈ আছে। দেশখনৰ চুমী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ (Sumi State University) চিকিৎসা বিজ্ঞানৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আশিক। অঞ্চলটোত ৰুছ সেনা প্ৰৱেশ কৰা পিছত এটা এপাৰ্টমেন্টতে আৱদ্ধ হৈ আছে অসমৰ অইন দুগৰাকী ছাত্ৰসহ তেওঁ। অঞ্চলটোৰ বজাৰ–সমাৰ কৰা সকলো বন্ধ। মাজে সময়ে অঞ্চলটোত শুনা গৈ আছে বিষ্ফোৰণৰ শব্দ। চাইৰেণৰ শব্দ শুনিলে বাংকাৰ অথৱা বিছনাৰ তলত আশ্ৰয় লব লাগে। ইয়াৰ মাজতে আকৌ খাদ্য আৰু খোৱাপানীৰ সমস্যাৰো উদয় হোৱাৰ আশংকাই দেখা দিছে। জানিব পৰা মতে, আছিকসহ তেখেতৰ দুই বন্ধুৰ আজিলৈ চাউল আছে যদিও কালিৰ পৰা সৃষ্টি হ’ব সমস্যাৰ। ইতিমধ্যে মোবাইলেৰে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকক স্বদেশলৈ নিয়াৰ ব্যৱস্থ কৰাৰ বাবে ভাৰত আৰু ৰাজ্য চৰকাৰলৈ কাতৰ আহ্বানো জনাইছে আশিকে। ইপিনে পুত্ৰৰ চিন্তাত এতিয়া উজাগৰী নিশা কটাইছ পিতৃ তথা অৱসৰী বিএছএফ জোৱান নুৰ মহম্মদ হুছেইন সৰকাৰ আৰু মাতৃ মঞ্জিলা সৰকাৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like