নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোলী গীতৰ মূৰ্ছনাৰে মুখৰ বাৰপূজীয়াৰ শংকৰী সংগীত বিদ্যালয় 

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী:- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে বৰদোৱাতে হোলী গীতৰ পাতনি মেলিছিল যদিও সম্প্ৰতি মধ্য অসমত এই হোলী গীতৰ বিশেষ প্ৰভাব নাছিল ৷ কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ, বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ জৰিয়তে দৌল উৎসৱৰ প্ৰাকক্ষণত বাৰপূজীয়া অঞ্চলত প্ৰথম বাৰৰ বাবে হোলী গীত প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস কৰা পৰিলক্ষিত হয় ৷ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু বাৰপূজীয়া সাংস্কৃতিক গোষ্ঠীৰ সহযোগত বাৰপূজীয়া শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ প্ৰাঙ্গণত যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা “হোলী গীত” প্ৰশিক্ষণ কৰ্মশালা আজি সফল সামৰণি পৰে । জগত গুৰু জনাৰ অপূৰ্ব সৃষ্টি হোলী গীতৰ কৰ্মশালা খনিৰ আজি সামৰণি অনুষ্ঠানত কন কন ছাত্ৰছাত্ৰী আৰু যুৱক যুৱতী সকলৰ কেবাটিও হোলী গীতৰ মূৰ্চনাত মুখৰিত হৈ পৰিল বাৰপূজীয়াৰ আকাশ বতাহ ৷ এই হোলী গীতৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বাৰপূজীয়াৰ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি অৰবিন্দ ডেকাৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। বাৰপূজীয়াৰ শংকৰী কলা কৃষ্টিৰ সাধক পুৰন্দৰ চন্দ্ৰ ডেকাই উদ্বোধন কৰা সভাখনিত আদৰণি ভাষণ প্ৰদান কৰি অসমীয়া জাতিৰ সংকত মূহুৰ্ত্বত অসমত সংস্কৃতি থাকিলেহে জাতিটো জীয়াই থাকিব বুলি প্ৰকাশ কৰে বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া সৌৰভ পানী ফুকনে ৷ আনহাতে এই সভাত উপস্থিত থাকে হোলী গীতৰ প্ৰশিক্ষক গৌতম বায়ন , মৰিগাঁও জিলা সাহিত্য সভাৰ সদস্য কেশৱ লাহন , শিক্ষক বিমল ডেকা , বাৰপূজীয়া সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকাৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

প্ৰেৰক মানস নাথ

You might also like