বিশেষ বাৰ্তা, ২৮ফেব্ৰুৱাৰীঃ আজি চলি আছে মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট। আজি ভাগ্য পৰীক্ষা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা হেইনগেং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বীৰেণ সিঙৰ। পুৱাই ইম্ফলৰ শ্ৰীৱন হাইস্কুলত সপত্নীক উপস্থিত হৈ ভোটদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে নিজৰ বাসভৱনত মুখ্যমন্ত্ৰীগৰাকীয়ে পূজাভাগ কৰি ঈশ্বৰৰ আশীৰ্বাদ লয়। ভোটদান কৰি উঠি তেওঁ কয় যে- নিজৰ সমষ্টিৰ লগতে আন ভোটাৰসকলক তেওঁলোকৰ বহুমূল্যৱান ভোটটো দিবলৈ আৰু সংবিধানে প্ৰদান কৰা গণতান্ত্ৰিক অধিকাৰ সাৱ্যস্ত কৰিবলৈও আহ্বান জনায়। তেওঁ নিজৰ সমষ্টিৰ ৭৫শতাংশ লোকে বিজেপিক ভোট দিব বুলিও আশা প্ৰকাশ কৰে। ইম্ফলৰ তামফাছানা ছোৱালী হাইস্কুলত কেন্দ্ৰত ভোট দিলে ৰাজ্যপাল লা গণেশনে। একেদৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা টুইটাৰযোগে মণিপুৰৰ জনতাক অভিলেখসংখ্যক হাৰত ভোট দিবলৈ আহ্বান জনায়। তেওঁ যুৱচামক আৰু প্ৰথমবাৰলৈ ভোট দিয়াসকলৰ কথা বিশেষভাৱে উল্লেখ কৰে।