ইউৰোপৰ ফুটবলত ৰাছিয়াক বয়কটৰ প্রস্তুতি
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ভয়ংকৰ সামৰিক আক্রমণেৰে ইউক্রেইনক ধ্বংসস্তূপত পৰিণত কৰা ৰাছিয়াক বয়কট কৰিছে ফুটবল বিশ্বই৷ পোলেণ্ড আৰু ছুইডেনে ৰাছিয়াৰ বিৰুদ্ধে কাটাৰ বিশ্বকাপৰ কোৱালিফিকেচন ৰাউণ্ডত খেলপথাৰত নানামে বুলি ঘোষণা কৰাৰ পিছত এইবাৰ চেক গণৰাজ্যই ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে৷ চেক গণৰাজ্য ফুটবল সন্থাই আজি ৰাছিয়াৰ ইউক্রেইন আক্রমণৰ প্রতিবাদস্বৰূপে অহা মার্চত বিশ্বকাপৰ কোৱালিফায়িং ৰাউণ্ডত ৰাছিয়াৰ বিৰুদ্ধে অৱতীর্ণ নহয় বুলি স্পষ্ট কৰি দিছে৷ উল্লেখ্য যে চেক গণৰাজ্যই ছুইডেন আৰু ৰাছিয়াই পোলেণ্ডক পৰাস্ত কৰিলে দেশ দুখনে অহা ২৯ মার্চত পৰস্পৰৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে৷ ২৪ মার্চত ৰাছিয়াই পোলেণ্ডৰ বিৰুদ্ধে খেলাৰ কথা আছে যদিও পোলেণ্ড ফুটবল সন্থাই ৰাছিয়াৰ বিৰুদ্ধে খেলপথাৰত নানামে বুলি ঘোষণা কৰাত বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফা বিপদত পৰিছে৷ ফিফাৰ সভাপতি জিয়ানী ইনফাণ্টিনোৱে আজি এই সন্দর্ভত কয় যে মেচৰ সময়লৈ ৰাছিয়া–ইউক্রেইনৰ ভয়াৱহ যুদ্ধৰ অৱসান ঘটিব আৰু পৰিস্থিতি সুস্থিৰ হ’ব বুলি তেওঁলোকে আশাৰে বাট চাইছে৷ ইফালে, ছুইডেন চৰকাৰে ৰাছিয়াৰ ইউক্রেইন আক্রমণক গৰিহণা দি আজি এই প্রস্তাৱ উত্থাপন কৰিছে যে ইউৰোপীয়ান ইউনিয়নৰ আন ২৭খন দেশেও ৰাছিয়াক ক্রীড়া ক্ষেত্রত সম্পূর্ণৰূপে নিষিদ্ধ কৰিব লাগে৷ দেশখনে ইতিমধ্যে ৰাছিয়াই আয়োজন কৰা সকলো প্রতিযোগিতা বয়কট কৰিছে আৰু ইউৰোপীয়ান ইউনিয়নত আয়োজিত প্রতিযোগিতাত কোনো ৰাছিয়ান খেলুৱৈক অংশগ্রহণ কৰিবলৈ নিদিয়াৰ প্রস্তাৱ আগবঢ়াইছে৷