বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ওখ হিল জোতাৰ সলনি ভৰিত সেনাৰ বুট, লেডাৰৰ জেকেট। হাতত মাৰণাস্ত্র। ইণ্টাৰনেটত চৰ্চা তুলিছে প্রাক্তন ‘মিছ ইউক্রেইন’এ। চিনেমাৰ অভিনয়ৰ বাবে নহয়, আক্ষৰিক অর্থত এইবাৰ যুদ্ধৰ ময়দানত নামিছে আনাছটাছিয়া লেনা। স্বদেশ ৰক্ষাৰ বাবে হাতত কালাছ’নিকভ তুলি লৈছে আৰু সকীয়নি দিছে ৰাছিয়াক। মডেলিং বা অভিনয় বাদ দি আজিকালি তেওঁ শ্বুটিং ৰেঞ্জত বাৰে বাৰে লক্ষ্য ভেদ কৰাত ব্যস্ত।
ছ’চিয়েল মিডিয়াক হাতিয়াৰ কৰি দেশবাসীক উদ্বুদ্ধ কৰিছে আনাছটাছিয়া। বৃহস্পতিবাৰে ইউক্রেইন আক্রমণৰ পাছতে পুটিনবাহিনীৰ বিৰুদ্ধে প্রতিৰোধ গঢ়ি তোলাৰ আহ্বান জনাইছে এইগৰাকী তাৰকাই। অনুৰাগীক আবেদন- ৰাছিয়াৰ বিৰুদ্ধে সৰৱ হওঁক। কিয়েভৰ মেয়ৰ ভিতালী ক্লিটছকোৰ আহ্বানত ইউক্রেইনী সেনা বাহিনীত যোগদান কৰিছে ২৪ বছৰীয়া আনাছটাছিয়া। ইউক্রেইনৰ সেনাবাহিনীত আনাছটাছিয়াৰ দৰে মহিলাৰ সংখ্যা কম নহয়। উল্লেখনীয় যে, বিশ্বৰ ভিতৰতে ইউক্রেইনৰ সেনা বাহিনীত মহিলা সেনানীৰ সংখ্যা সকলোতকৈ বেছি; প্ৰায ৩৬ হাজাৰ।