নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞানে মানুহক প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই নিছে

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ বৰ্তমান বিজ্ঞান অবিহনে মানুহ অচল ৷ বিজ্ঞানে মানুহক প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই নিছে ৷ আজি বিজ্ঞানৰ বাবেই নিজৰ ঘৰত বহিয়ে প্‌থিবীৰ সকলো কথা নিমিষতে জানিব পৰা অৱস্থা হৈছে ৷ ’ইন্টাৰনেট’ৰ ব্যৱহাৰে মানুহক সকলো কথাই সম্ভৱ কৰি তুলিছ ৷ এই মন্তব্য শুৱালকুছিৰ চৰকাৰী মাধ্যমৰ আগশাৰী শিক্ষানুস্হান শুৱালকুছি কে আৰ কে হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিবাকৰ কলিতাৰ ৷ আজি বিদ্যালয়খনত ৰাস্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচী মুকলি কৰি তেওঁ বিজ্ঞান দিৱসৰ তাৎপৰ্য দাঙিধৰি কয় যে ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমণে ১৯২৮ চনত ৰমণ এফেক্ট প্ৰথমে আবিস্কাৰ কৰিছিল ৷ ইয়াৰ বাবে পদাৰ্থ বিজ্ঞানীজনে ১৯৩০ চনৰ ২৮ ফ্ৰেব্ৰুৱাৰীত নবেল বটাঁ লাভ কৰিছিল ৷ তেতিয়াৰে পৰা প্ৰতিবছৰে আজিৰ দিনটোত ৰাস্ট্ৰীয় বিজ্ঞান দিৱস হিচাৱে উদযাপন কৰি অহা বুলি শিক্ষাৰ্থী সকলৰ আগত ব্যক্ত কৰে ৷ আজিৰ এই বিজ্ঞান দিৱস উপলক্ষে বিদ্যালখনত বিজ্ঞান প্ৰদৰ্শনী এখনো অনুস্হিত কৰা হয় ৷ প্ৰদৰ্শনীত বিজ্ঞানৰ অনুবিক্ষণ যন্ত্ৰ(সৰল আৰু জটিল)ৰ দ্বাৰা বিভিন্ন বস্তুৰ কোষ প্ৰদৰ্শন ৷ জীৱ বিজ্ঞানৰ সংৰক্ষিত জীৱ জন্তুৰ প্ৰদৰ্শন ৷ লগতে অনুস্হিত কৰা হয় শিক্ষাৰ্থীৰ মাজত বিজ্ঞানৰ কুইজ প্ৰতিযোগিতা, গণিতৰ যাদু আৰু বিজ্ঞান বিষয়ক আলোচনা চক্ৰ অনুস্হিত হয় ৷ বিজ্ঞান শিক্ষক নৱজিৎ মানৱে আত ধৰা উক্ত বিজ্ঞান প্ৰদৰ্শনত ছাত্ৰ ছাত্ৰী সকল বিজ্ঞানৰ জ্ঞান প্ৰদান কৰে শিক্ষক নৰহৰি দাস, দিলীপ ভৰালী, প্ৰিতম নাথ, নৱজিৎ মানৱ আৰু অন্যান্য শিক্ষক শিক্ষয়িত্ৰী সকলে ৷

প্ৰেৰক দিলীপ মেধি

You might also like