নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তৰ্বাস ওলমালে মনোকামনা পূৰণ হয় …

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ অন্তৰ্বাস ওলমালে মনোকামনা পূৰণ হয় বুলি কেতিয়াবা শুনিছে । নিশ্চয় শুনা নাই । আজি তেনে এটা নুশুনা কথাই আপোনালোকক অৱগত কৰোৱাব বিচাৰিছোঁ । ১৯৯৯ চনৰ কথা । ওটাগোত স্থানীয় লোকে পথৰ কাষৰ তাঁৰৰ বেৰত চাৰিটা আণ্ডাৰৱেৰ ওলমি থকা দেখিছিল । তাৰ পিছত সেই আণ্ডাৱেৰৰ সংখ্যা কেইবাহাজাৰলৈ বৃদ্ধি হ’ল । বৰ্তমান সেই ঠাইখনক “ব্ৰা ফেঞ্চ” নামেৰে জনা যায় । নিউজিলেণ্ডৰ এই ঠাইখন বৰ্তমান বিভিন্ন কাৰণত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । হাজাৰ হাজাৰ মহিলাই মনোকামনা পূৰণ কৰা অৰ্থে নিজৰ অন্তৰ্বাস ওলমাই সেৱা কৰি আহে । কিন্তু কিয় অন্তৰ্বাস ওলমাই ৰখা হয় বা মনোকামনা পূৰণ হয় নে নহয় এই সকলোবোৰ ৰহস্য হৈ আছে ।

স্তনৰ কৰ্কট ৰোগীসকলক সহায় কৰিবলৈ ইয়াত এটা কাৰ্যসূচীও আয়োজন কৰা হয়। যাৰ উদ্দেশ্য – পুঁজি সংগ্ৰহ কৰা। যাৰবাবে এই ঠাইখন সমগ্ৰ বিশ্বতে এতিয়া বিখ্যাত হৈ পৰিছে। ইয়াৰ নাম Cardona Bra Fence বুলি অধিক বিখ্যাত হৈ পৰিছে।

You might also like