“ফাঁকিৰ দল বাবে কংগ্ৰেছৰ আজি এই দুৰৱস্থা”
নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ ৰঙিয়াত পৌৰ নিৰ্বাচনলৈ কিছু সময় বাকী থকা সময়তে শাসক-বিৰোধী দলে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । আজি ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ৮নং ৱাৰ্ডত কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বিজেপি প্ৰাৰ্থী বিদ্যুৎ কলিতাৰ হৈ প্ৰচাৰ চলায় । যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই এইবাৰ পৌৰ নিৰ্বাচনত বিজেপিৰ ফলাফল বেয়া হব বুলি দিয়া মন্তব্যৰ প্ৰত্যুত্তৰ দিলে বিধায়ক দিগন্ত কলিতাই। অংকিতা দত্তৰ গৃহসমষ্টি আমগুৰিত প্ৰাৰ্থীয়েই থিয় কৰিব নোৱাৰিলে কংগ্ৰেছে। বহু ঠাইত ইয়াৰ লগতে কংগ্ৰেছে নিজৰ চিহ্নত প্ৰাৰ্থী দিব নোৱাৰিলে। চুড়ান্ত ফাকিৰ দল বাবে কংগ্ৰেছৰ আজি এই দুৰৱস্থা। ৰঙিয়াৰ পৌৰসভাৰ দহখন আসনৰ আটাইকেইখনতেই বিজেপি আৰু মিত্ৰজোটে লাভ কৰাৰ লগতে অসমৰ আশীখনৰ ভিতৰত প্ৰায় ৯৫% পৌৰসভা বিজেপি আৰু মিত্ৰজোটে লাভ কৰিব বুলি দাবী কৰে। নিৰ্বাচনী ব্যস্ততাৰ মাজতেই নিজৰ ঘৰৰ বাবে সাপ্তাহিক বজাৰৰ পৰা পাচলিৰ বজাৰ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ।
প্ৰেৰক ফাৰুক হুছেইন