নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ দল দুটকীয়া নোটঃ ঢকুৱাখনাত নিৰ্বাচনক লৈ ব্যাপক প্ৰচাৰ অভিযান বিজেপিৰ

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ আগন্তুক পৌৰসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত ঢকুৱাখনা পৌৰসভাৰ নিৰ্বাচনী পৰিৱেশ ক্ৰমে উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। ঢকুৱাখনা জিলা বিজেপি দলে আজি পৌৰসভাৰ অন্তৰ্গত ৫ টাকৈ ৱাৰ্ডত নিজা প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰ অভিযান চলোৱা দেখা যায় ।ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই পুৱাৰ পৰাই সন্ধিয়া পৰ্যন্ত পৌৰ এলেকাৰ ৫টাকৈ ৱাৰ্ডত প্ৰচাৰ অভিযানে চমক সৃষ্টি কৰাৰ লগতে প্ৰতিটো ৱাৰ্ডতেই বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি বক্তব্য দাঙি ধৰাৰ লগতে ঢকুৱাখনা পৌৰসভা বিজেপিয়ে গঠন কৰিব বুলিও আগতীয়াকৈ দাবী কৰে।বিধায়ক দলেই বিজেপিৰ ৰাজ্যিক সদস্য বসন্ত শইকীয়া,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাইৰ লগতে কেইবাজনো জিলা পৰ্যায়ৰ নেতাক লগত লৈ আজি পৌৰসভা এলেকাটোৰ ৩ নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সংগীতা বৰুৱা,৪ নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মাণিক বৰুৱা,৫ নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী তিলেন দাস আৰু ৬ নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী স্বৰূপ কোঁৱৰ হৈ প্ৰচাৰ চলাই বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনাই। প্ৰচাৰ অভিযানৰ অন্তত বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়– ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে দুখীয়া ৰাইজৰ বাবে ভালে সংখ্যক আচঁনি গ্ৰহণ কৰিছে।অসমৰ অগ্নিগৰ্ভা অশান্তময় পৰিস্থিতি উন্নত কৰাৰ লক্ষৰে বিজেপি চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰিছে। তেওঁ পুনৰ কয় যে–বিৰামহীন প্ৰগতি আৰু উন্নয়নৰ লগতে চহৰাঞ্চলৰ দ্ৰুত বিকাশৰ বাবে সুশাসন তথা সু-কৰ্মসংস্কৃতিক মূলমন্ত্ৰ হিচাবে লৈ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজ দায়িত্বসমূহ ৰূপায়ণ কৰিবলৈ সংকল্পবদ্ধ হৈছে।দৰিদ্ৰ শ্ৰেণীৰ সকাহ দিবলৈ কৰা আঁচনিৰ বাবেই পৌৰ এলেকাবাসী ৰাইজে এইবেলি বিজেপি দলৰ প্ৰাৰ্থীক ভোটদান কৰি পৌৰসভা গঠনত সহায় কৰিব বুলি মন্তব্য কৰে।প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সদস্য বসন্ত শইকীয়াই তীব্ৰ সমালোচনা কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক। ভাৰতীয় জাতীয় কংগ্ৰেছ দলক দুটকীয়া নোটৰ লগত তুলনা কৰে। দুটকীয়া নোট যেনেকৈ নচলা হ’ল তেনেকৈ কংগ্ৰেছ দলৰ অৱস্থাও তেনেকুৱা বুলি মন্তব্য কৰি তেওঁ ঢকুৱাখনা সমষ্টিত ৰাইজে এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছক বিদায় জনাব বুলিও কয়।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like