ক’ভিডে স্পৰ্শ নকৰা দেশকেইখন
বিশেষ বাৰ্তা, ৪ মাৰ্চঃ যোৱা দুবছৰ ধৰি ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বক জুৰুলা কৰিছে। দেশে দেশে ক’ভিডত আক্ৰান্ত লোক। কিছুদিন আগলৈ ক’ভিডে নিত্য নতুন অভিলেখ গঢ়ি আহিছিল। নিজৰ অভিলেখ নিজেই ভাঙিছিল। কিন্তু আপুনি জাজনেনে যে বিশ্বত এলেকুৱাও কেইখনমান দেশ ৰৈছে য’ত ক’ভিড আক্ৰান্তৰ সংখ্যা আছিল শূণ্য। বিশ্ব স্বাস্থ্য সংস্থাই খোদ এই দেশৰ তালিকা উলিয়াই দিছিল কিছুদিন আগেয়ে। এই দেশকেইখন আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰ। মহাসাগৰীয় দ্বীপীয় দেশকেইখন হৈছে টুবালু, টকেলাউ, ছেইণ্ট হেলেনা, নাউৰু, পিটকাইৰণ দ্বীপ, নিউ, মাইক্ৰনেছিয়া আদি। এই দেশবোৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছিল।