হীৰক জয়ন্তী-সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা নগাঁও উকিল সন্থাৰ দুই জ্যেষ্ঠ অধিবক্তাক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ উকালতি জীৱনৰ ষাঠি বছৰ উপলক্ষে হীৰক জয়ন্তী আৰু পঞ্চাশ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে সোনালী জয়ন্তী বৰ্ষ গঢ়কা নগাঁও উকিল সন্থাৰ দুগৰাকী জ্যেষ্ঠ অধিবক্তাক সম্বৰ্ধনা জনোৱা হয়। তদুপলক্ষে আজি নগাঁও উকিল সন্থাৰ উদ্যোগত সন্থাৰ কাৰ্যালয় গৃহত অনুষ্ঠিত সম্বৰ্ধনা সভাত উকালতি জীৱনৰ ৬০ টা বৰ্ষ অতিক্ৰম কৰা শিৱনাথ ভূঞা আৰু উকালতি জীৱনৰ পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰা জ্যোতিৰিন্দ্ৰ মোহন গোস্বামীক গামোচা, জাপি, ফুলৰ থোপা, কিতাপৰ টোপোলা, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানটো আঁত ধৰে সন্থাৰ সহকাৰী সম্পাদক মুকুল প্ৰসাদ বৰঠাকুৰে।
উকিল সন্থাৰ সভাপতি পৰাণ গোহাঁঞিৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভিৰ্যপূৰ্ণ সভাত আদৰণি ভাষণ দি সভাপতি গোহাঞিৰে ১৮৩৯ চনতে জন্ম লাভ কৰা নগাঁও উকিল সন্থাৰ ইতিহাস ব্যাখ্যা কৰে। উকিল সন্থাৰ কেবা শতাধিক জ্যেষ্ঠ-কনিষ্ঠ অধিবক্তাৰ লগতে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ ৰক্তিম দুৱৰাকে ধৰি আদালতখনৰ কেবাগৰাকী ন্যায়াধীশ উপস্থিত থকা সভাত সম্বৰ্ধিত দুয়োগৰাকী জ্যেষ্ঠ অধিবক্তাৰ জীৱন- আদৰ্শৰ ওপৰত বক্তব্য আগবঢ়াই জ্যেষ্ঠ অধিবক্তা ক্ৰমে মহেশ চন্দ্ৰ দাস আৰু আবুল হাচিম খন্দকাৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁৱৰ সুযোগ্য সন্তান তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াই নিজৰ চমু ভাষণত কয় যে একালত তেওঁ নগাঁও উকিল সন্থাৰ সদস্য আছিল আৰু আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাটো তেওঁৰে সৌভাগ্য বুলি মন্তব্য কৰে।
সন্থাৰ সম্পাদক গিৰিশ চন্দ্ৰ দাসে সামগ্ৰিক ভাবে অনুষ্ঠানটি আঁত ধৰে। উল্লেখ্য যে নগাঁও চহৰৰ এ ডি পি ৰোড নিবাসী জ্যেষ্ঠ অধিবক্তা শিৱনাথ ভুঞাই নগাঁৱত ১৯৬০ চনৰ পৰাই উকালতি জীৱন আৰম্ভ কৰিছিল। আনহাতে, চহৰখনৰ ফৌজদাৰীপট্টি নিবাসী জ্যোতিৰিন্দ্ৰ মোহন গোস্বামীয়ে ১৯৭১ চনৰ পৰা উকালতি জীৱনৰ পাতনি মেলিছিল।