নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটালী-আফ্ৰিকালৈ যাব বজালীৰ চাউল; এয়া নতুন দিগন্তৰ ৰেঙনিঃ ভাৰত ভূষণ দেৱ চৌধুৰী

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ কৃষি ক্ষেত্ৰৰ উৰ্বৰ ভূমিত উৎপাদিত সামগ্ৰীৰে অৰ্থনীতিৰ পৰিকাঠামো নিৰ্মাণ হোৱা বজালীৰ কৃষিখণ্ড আৰু কৃষকক বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আজি এক সিদ্ধান্তৰ জৰিয়তে নতুন মাত্ৰা প্ৰদান কৰিলে৷ উল্লেখ্য যে ভূটানৰ জৰিয়তে বজালীৰ কৃষকৰ চাউল ইটালী আৰু আফ্ৰিকালৈ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা উপায়ুক্ত দেৱ চৌধুৰীয়ে আজি ভূটানৰ এগৰাকী উদ্যোগী চেৰিং পেনজৰৰ সৈতে উপায়ুক্তৰ কাৰ্যালয়ত বাৰ্তালাপ কৰি চাউল প্ৰেৰণ কৰা বিষয়টো নিশ্চিত কৰে৷ এই দিশত পেনজৰক যাবতীয় প্ৰশাসনীয় সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি দেৱ চৌধুৰীয়ে সংবাদ মাধ্যমক কয় যে এই বিষয়টোৱে ব্যৱসায় বাণিজ্যৰ দিশটো উন্নীত কৰাৰ উপৰিও আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মৈত্ৰীয়েৰ বান্ধনো সুদৃঢ় কৰিব৷ আনহাতে বজালীৰ চাউল ইটালী আফ্ৰিকাত সমাদৃত হ’ব। -এই কথাটোৱে বজালীৰ কৃষকক অধিক উল্লাসিত কৰিছে এই বাবেই যে এই প্ৰক্ৰিয়াৰ দ্বাৰা বজালীৰ কৃষক বাৰুকৈয়ে লাভান্বিত হব আৰু বজালীৰ কৃষিখণ্ডত নতুন দিগন্তৰ উন্মেষ ঘটিব৷ উপায়ুক্ত দেৱ চৌধুৰীয়ে প্ৰকাশ্য ৰূপত সদৰী কৰিছে যে এয়া আৰম্ভণিহে৷ পৰৱৰ্তী পৰ্যায়ত কৃষিখণ্ডত উৎপাদিত অন্যান্য সামগ্ৰীও বিদেশলৈ প্ৰেৰণ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে৷ ভূটানৰ উদ্যোগী পেনজৰে ইতিমধ্যে বজালীৰ কেবাগৰাকীও ব্যক্তিৰ সতে কথা পাতিছে এই প্ৰসঙ্গত৷ শীঘ্ৰে বজালীৰ চাউল বিদেশত সমাদৃত হ’ব – এই শুভ সংবাদে কৃষক সকলক অধিক উৎসাহিত কৰিছে আৰু উপায়ুক্তগৰাকীৰ বাবে এনে মহৎ কাৰ্য সিদ্ধ হোৱাত উপায়ুক্তক কৃষকে সাধুবাদ দিছে৷ পেনজৰে আজি এই কথাও সদৰী কৰিছে যে পৰৱৰ্তী পৰ্যায়ত বজালীৰ চাউল বিভিন্ন বিদেশী ৰাষ্ট্ৰলৈও প্ৰেৰণ কৰিব৷

কভিডকালীন পৰিস্থিতিৰ পাছত আন্তৰাষ্ট্ৰীয় বজাৰ ব্যৱস্থা যথেষ্ট সন্তোষজনক দিশে ধাবমান হোৱাৰ সময়ত ভূটানৰ জৰিয়তে বজালীৰ চাউল বিদেশলৈ প্ৰেৰণ কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে৷ উপায়ুক্ত দেৱ চৌধুৰীয়ে প্ৰকাশ কৰিছে যে বজালীৰ অৰ্থনীতিৰ বুনিয়াদ সুদৃঢ় কৰাৰ হকে তেও অবিৰত ভাৱে প্ৰচেষ্টা চলাই যাব৷

You might also like