নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চ:-ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত আজি সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত এজন ছাত্রৰ মৃত্যু হয় । মৃত যুৱকজন হৈছে বৰমাস্থিত পলিটেকনিক কলেজৰ ছাত্র তথা গুৱাহাটীৰ লালগণেশ নিবাসী অংশুমান বৰ্মন (১৮) । ছাত্ৰজনে ঘৰৰ পৰা অধ্যয়নৰত কলেজখনলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে দ্ৰুতবেগী AS 25 DC 0170 নম্বৰৰ ডাম্পাৰ এখনে নলবাৰী অভিমুখী AS 01 EM 0474 নম্বৰৰ স্কুটী এখনক মহটিয়াই নিয়াত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত থিতাতে নিহত হয় স্কুটী আৰোহী যুৱকজন । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে ডাম্পাৰখনে । লগে লগে একাংশ ৰাইজৰ তৎপৰতাত ডাম্পাৰ খন জব্দ কৰা হয় । কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনৰ চালকজনে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰে । লগতে চালকজনৰ সন্ধানত নামি পৰে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like