পুটিনে কেতিয়াও ইউক্ৰেইন জয় কৰিব নোৱাৰে, কোনে ক’লে
বিশেষ বাৰ্তা, ৯ মাৰ্চঃ আকৌ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে। টুইটাৰত তেওঁ কৈছে যে পুটিনে এখন চহৰ দখল কৰিব পাৰিব পাৰে, কিন্তু সমগ্ৰ দেশখন কেতিয়াও নিজৰ কৱললৈ নিব নোৱাৰে। এয়া স্পষ্ট যে ৰাছিয়াই কেতিয়াও ইউক্ৰেইন জয় কৰিব নোৱাৰে। ইয়াৰ কেইঘণ্টা পূৰ্বে ৰাছিয়াৰ পৰা আমদানি কৰা তেল, গেছ আৰু শক্তিত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই। লগে লগে আমেৰিকাত গেছৰ মূল্য অভাৱনীয়ভাৱে বাঢ়িছে। কিন্তু এই সংকটক প্ৰত্যাহ্বান হিচাপে লৈ আগুৱালেহে স্ব-নিৰ্ভৰশীল হোৱা যাব আৰু পুটিনৰ দৰে স্বৈৰাচাৰি শাসকক আঁতৰোৱা যাব।