অবৰ্ণনীয় পৰিস্থিতিৰ বৰ্ণনা দেশ এৰি অহা পূৰ্বৰ মিছ ইউক্ৰেইনৰ
বিশেষ বাৰ্তা, ৯ মাৰ্চঃ স্বদেশ এৰিবলগীয়া হোৱাৰ সমান ভগনীয়া নাই। তাৰ পাচতো প্ৰাণটো হাতৰ মুঠিত লৈ কেৱল জীয়াই থকাৰ তাড়নাত ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে জাকে জাকে লোক। দেশ এৰা সকলৰ তালিকাত চামিল হৈছে পূৰ্বৰ মিছ ইউক্ৰেইন ভেৰোনিকা ডিডুছেনকোৱেও। বৰ্তমানে আমেৰিকাত থকা ভেৰোনিকাই সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি আন ৰাষ্ট্ৰসমূহৰ পৰা সহায় বিচাৰিছে। ২০১৮ বৰ্ষৰ মিছ ইউক্ৰেইন ভেৰোনিকাই ৭ বছৰীয়া সন্তানটিৰ সৈতে যুদ্ধৰ প্ৰথম দিনটোতে খোজ কাঢ়ি সীমান্ত অতিক্ৰম কৰিছিল। তাৰে পৰা মালডোভা আৰু তাৰ পাছত জেনেভাত উপস্থিত হৈছে। নাৰী দিৱসৰ দিনা সংবাদ মেল সম্বোধন কৰিবলৈয়ে সন্তানক এৰি তেওঁ আহিছে আমেৰিকালৈ। কাৰণ তেওঁ অনুভৱ কৰিছে এই মুহূৰ্তত বিশ্ববাসীৰ আগত মাতৃভূমিত ৰাছিয়াই চলোৱা নৃশংসতাৰ কথা কোৱাতো অতিকৈ প্ৰয়োজন। সৌন্দৰ্যৰ ৰাণী ভেৰোনিকাই জনাইছে যে তেওঁৰ দেশত আটাইতকৈ বেছি দুৰ্দশা হৈছে শিশু আৰু মহিলাসকলৰ। য’ত-ত’ত সন্তান জন্ম দিবলগীয়া হৈছে বহু মহিলাই। এক অবৰ্ণনীয় পৰিস্থিতি।