সোণাই-লক্ষীপুৰ, কৰিমগঞ্জ-ৰামকৃষ্ণনগৰ-বদৰপুৰ-লালা পৌৰসভাত একক সংখ্যাগৰিষ্ঠতাৰে বৰ্ড গঠন বিজেপিৰ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : কাছাৰ জিলাৰ সোনাই আৰু লক্ষীপুৰ পৌৰসভাত একক সংখ্যাগৰিষ্ঠৰে ব’ৰ্ড গঠন কৰিছে বিজেপিয়ে। সোণাইত মুঠ ৱাৰ্ড হল ১১খন। ইয়াৰ মাজত ১০টা ৱাৰ্ডত ভোট গ্ৰহণ হৈছিল ৷ আৰু ১০খন আসনৰ গণনাৰ শেষত ১১, ৫, ৩, ৪ আৰু ১নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীয়ে জয়ী হৈছে ৷ বিপৰীতে ৯ আৰু ১০, ৩ নম্বৰ ৱাৰ্ডত এআইইউডিএফ প্ৰাৰ্থী জয়ী হৈছে ৷ সমান্তৰালভাৱে ৬ আৰু ৮ নম্বৰ ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়ী হৈছে ৷ উল্ল্যেখ্য, সোনাই পৌৰসভাৰ মুঠ আসন সংখ্যা ১১খন ৷ যদিও আগতে ৭ নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল ৷ ইপিনে লক্ষীপুৰ পৌৰসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি লক্ষীপুৰ পৌৰসভা ব’ৰ্ড দখল কৰিছে বিজেপিয়ে। বিজেপি ৮খন, এখন নিৰ্দলীয় আৰু মাত্ৰ এখন আসন কংগ্ৰেছে দখল কৰিছে। ৱাৰ্ড অনুসৰি ১নং শম্পা দাস বিজেপি, ২নং গুঞ্জন কৰ বিজেপি, ৩নং কল্যাণী দত্ত বিজেপি, ৪নং সঙ্গীতা নাথ বিজেপি, ৫নং ৰূপা ছেত্রী বিজেপি, ৬নং অমিত দাস কংগ্রেছ, ৭নং অজন্তা দেব বিজেপি, ৮নং মৃণাল কান্তি দাস বিজেপি, ৯নং ৰবীন্দ্র সিং বিজেপি আৰু ১০নং জয়শ্রী সিনহা নির্দলীয় । এই দিনা ফলাফল প্ৰাপ্তি হোৱাত গোটেই লক্ষীপুৰ আৰু সোণাই চহৰত এক উখল-মাখল পৰিবেশ সৃষ্টি হৈছে। বিজেপি কৰ্মী-সমৰ্থকৰ মাজত আনন্দ উলাহ দেখা গৈছে। ইপিনে, ৰামকৃষ্ণ নগৰ পৌৰসভাত বিজেপি ৯খন আৰু কংগ্রেছ ১নঙত জয়ী হৈছে। বদৰপুৰ পৌৰসভাত ১০খন ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হৈছে। লালাৰ পৌৰসভা ব’র্ড বিজেপিৰ দখলত। ১০খনৰ ভিতৰত ৭খনত বিজেপি জয়ী আৰু ৩নং নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়। ইফালে কৰিমগঞ্জ পৌৰসভাও বিজেপিৰ দখলত। কৰিমগঞ্জৰ ২৭খন ৱাৰ্ডত ২৩খন বিজেপি, ১খন নির্দলীয় আৰু ৩খন কংগ্রেছৰ দখলত। হাইলাকান্দিত বিজেপি ৬ আৰু নির্দলীয় ১০খন ৱাৰ্ডত জয়ী হৈছে।
প্ৰেৰক গৌতম তালুকদাৰ