অভয়াপুৰীৰ কংগ্ৰেছৰ বিধায়ক প্ৰদীপ সৰকাৰৰ সমষ্টিত বিজেপিৰ দখলত পৌৰসভা
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ বঙাইগাঁৱৰ অভয়াপুৰী দক্ষিণ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক প্ৰদীপ সৰকাৰৰ সমষ্টিত থকা অভয়াপুৰী পৌৰসভা বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় ।অভয়াপুৰী পৌৰ সভা নিৰ্বাচনৰ আজি ঘোষণা কৰা ফলাফলত মুঠ ১১ টা ৱাৰ্ডৰ ৮ টা ৱাৰ্ডত বিজেপি, ২টা ৱাৰ্ডত অগপ আৰু মাত্ৰ এটা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী জয়লাভ কৰে ।উল্লেখ্য যে, অভয়াপুৰী পৌৰসভাৰ মুঠ ১১ টা ৱাৰ্ডৰ বাবে আজি অভয়াপুৰী টাউন হলত ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনা প্ৰক্ৰিয়া দুপৰীয়া ১২ বজাৰ আগতেই সম্পন্ন হয় । উত্তৰ শালমাৰা মহকুমাৰ অভয়াপুৰী পৌৰ সভাৰ বাবে মুঠ ১১ টা ৱাৰ্ডত ৩৯ জন প্ৰাৰ্থীয়ে প্রতিদন্দিতা আগবঢ়াইছিল । উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে জনোৱা মতে, আজি ঘোষণা কৰা ফলাফল অনুসৰি ১ , ২ , ৩ , ৫, ৬, ৭, ৮ আৰু ৯ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰে। ১০ আৰু ১১ নং ৱাৰ্ডত অসম গণ পৰিষদৰ প্ৰাৰ্থী দুগৰাকীয়ে জয়লাভ কৰে আৰু ৪নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস