ধুবুৰীৰ আটাইকেইটা পৌৰসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজয় বিজেপিৰ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ এইবাৰৰ পৌৰসভা নিৰ্বাচনত এক প্ৰত্যয়িত বিজয়েৰে ধুবুৰী জিলাৰ গোটেইকেইটা পৌৰসভা দখল কৰিলে বিজেপিয়ে। এইবেলি জিলাখনৰ ধুবুৰী মহকুমাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ এই তিনিটা পৌৰসভাকে ধৰি বিলাসীপাৰা মহকুমাৰ বিলাসীপাৰা, চাপৰ আৰু সাপটগ্ৰাম পৌৰসভাতো নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে। ধুবুৰী পৌৰসভাৰ মুঠ ১৬টা আসনৰ ভিতৰত ১১টা ৱাৰ্ডত বিজয়ী হৈছে বিজেপিয়ে। নিৰ্দলীয় আৰু অগপই পৌৰসভাখনৰ ২টাকৈ ৱাৰ্ডত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে মাথোঁ ১টা ৱাৰ্ডত বিজয়ী হৈছে কংগ্ৰেছ। আনহাতে গৌৰীপুৰ পৌৰসভাৰ ১৩টা ৱাৰ্ডৰ ভিতৰত ৮খনেই লাভ কৰিছে বিজেপিয়ে। পৌৰসভাখনৰ ৩টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ২টা ৱাৰ্ড। উল্লেখ্য যে এইবাৰ গৌৰীপুৰ পৌৰসভাৰ ৪টাকৈ ৱাৰ্ডত এআইইউডিএফ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও এটাতো বিজয় লাভ নকৰিলে দলটোৱে। আনহাতে, ধুবুৰী মহকুমাৰ গোলকগঞ্জ পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ভিতৰত ৬ খনত বিজয় সাব্যস্ত কৰিছে বিজেপিয়ে। আনহাতে ৩টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছ লাভ কৰিছে মাথোঁ ১টা ৱাৰ্ড। ইপিনে বিলাসীপাৰা মহকুমাৰ বিলাসীপাৰা পৌৰসভাৰ ১৪টা ৱাৰ্ডৰ ১২টাতে বিজেপিয়ে বিজয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ২টা ৱাৰ্ড। উল্লেখ্য যে এসময়ত শক্তিশালী সাংগঠনিক শক্তি থকা অগপই এইবাৰ পৌৰসভাখনৰ এখনো আসন লাভ নকৰাটো বিশেষ তাৎপৰ্যবাহী বুলি বিবেচিত হৈছে। আনহাতে মহকুমাটোৰ চাপৰ পৌৰসভাৰ ১০টা ৱাৰ্ডৰ ৭টা ৱাৰ্ডতে বিজেপি জয়লাভ কৰিছে। আনহাতে কংগ্ৰেছ, এজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয়ী হৈছে ১টাকৈ ৱাৰ্ডত। আনহাতে সাপটগ্ৰাম পৌৰসভাৰ ১০টা ৱাৰ্ডৰ ৯টা ৱাৰ্ডতে জয়লাভ কৰিছে বিজেপি। কংগ্ৰেছে বিজয়লভ কৰিছে মাথোঁ ১টা ৱাৰ্ডত। উল্লেখ্য যে আজি ধুবুৰীস্থিত জিলা পৰিষদ কাৰ্যালয়ত নিৰ্মাণ কৰা অস্থায়ী গণনা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ধুবুৰী মহকুমাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভাৰ ভোটগণনা আৰম্ভ হয়। গণনাৰ অগ্ৰগতিৰ লগে লগে এই তিনিটা পৌৰসভাত বিজেপিৰ বিজয় নিশ্চিত বুলি পোহৰলৈ অহাৰ পিছত গণনা কেন্দ্ৰৰ সমীপৰ ৰাজপথত উৎকণ্ঠাৰে অপেক্ষা কৰি থকা দলটোৰ কৰ্মী আৰু সমৰ্থকসকলৰ পাৰভগা উছাহে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ইয়াতে উল্লেখনীয় যে সংখ্যালঘু ভোটাৰে নিৰ্ধাৰকৰ ভূমিকা গ্ৰহণ কৰি অহা ধুবুৰী চহৰৰ ৯ আৰু ১৪নং ৱাৰ্ড দুটাত এইবাৰ বিজেপিয়ে বিজয়লাভ কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰা বুলিয়েই বিবেচিত হৈছে। ইপিনে ভোটগণনাৰ অন্তত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভা নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দখল কৰাটো নিশ্চিত হোৱাৰ পিছত দলটোৰ কৰ্মী আৰু সমৰ্থকসকলে জিলা বিজেপিৰ সদ্য প্ৰাক্তন সভাপতি তথা ধুবুৰী পৌৰসভাৰ ২নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী ডা৹ দেৱময় সান্যালকে ধৰি দলটোৰ অন্যান্য কাৰ্য্যকৰ্তাক এখন খোলা চাৰিচকীয়া বাহনত বহুৱাই ধুবুৰী চহৰত এক বিশাল সমদলো উলিয়ায়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী