নব্বৈ বছৰীয়া হ’ল বৰ্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ নব্বৈ বছৰীয়া হ’ল বৰ্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ৷ বুধবাৰে স্থানীয় বহুকেইটা অনুষ্ঠানে প্ৰেমধৰ বৰাৰ বাসগৃহত উদযাপন কৰে প্ৰেমধৰ বৰাৰ জন্মদিন ৷ বিহপুৰীয়া সমষ্টিৰ চাৰিবাৰৰ বিধায়ক প্ৰেমধৰ বৰাক স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিশিষ্ট ব্যক্তিসকলে চেলেং, গামোচা, শৰাই আদিৰে জন্মদিনৰ ওলগ জনায় ৷ অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ সন্মানাৰ্থে কেবিনেট মৰ্যদা প্ৰদানৰ লগতে তেওঁৰ নামত খেলপথাৰ, সংগ্ৰহালয়, পুথিভঁৰাল আদি স্থানীয় অঞ্চলটোত প্ৰতিষ্ঠা কৰিবৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায় ৷ নব্বৈ বছৰীয়া জন্মদিনত ৰাইজৰ মৰম পাই উৎফুল্লিত হৈ পৰা প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে ১৩ নম্বৰ বাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা মনত পুহি ৰখাৰ কথা সদৰী কৰে ৷
প্ৰেৰক সঞ্জীৱ দত্ত