পাঠশালা পৌৰসভাত যুৱ সাংবাদিকৰ জয়লাভ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ আজি ঘোষিত পৌৰসভাৰ নিৰ্বাচনত পাঠশালাত এজন যুৱ সাংবাদিকে জয়লাভ কৰিছে৷ পাঠশালা পৌৰসভাৰ ৬নং ৱাৰ্ডত মিত্ৰজোঁটে বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল পি এইচ ডি ডিগ্ৰীধাৰী এগৰাকী উচ্চ শিক্ষিত ব্যক্তি তথা বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ভূপেন্দ্ৰ তালুকদাৰক৷ তেওঁৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল যুৱ সাংবাদিক নিৰ্মল ৰয়ে৷ ৱাৰ্ডটোৰ বিভিন্ন সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দুয়োগৰাকী প্ৰাৰ্থীয়ে ভোটাৰসকলক প্ৰদান কৰিছিল যদিও নিৰ্দলীয় তথা পাঠশালা পৌৰসভাৰ কনিষ্ঠতম প্ৰাৰ্থী হিচাপে থিয় হোৱা নিৰ্মলৰ অন্যতম সম্পদ আছিল সততা, সৰলতা, মনোবল আৰু গভীৰ আত্মবিশ্বাস৷ যাৰ ফলতে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ সম্মুখত তীব্ৰ প্ৰত্যাহ্বান ৰূপে থিয় হৈ আজি ঘোষিত ফলাফলত সততাৰ জয়গানেৰে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় নিৰ্মল ৰয়৷ চাৰিগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৱাৰ্ডটোত নিৰ্দলীয় প্রার্থী নিৰ্মল ৰয়ে ৩৩৬ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ ড৹ ভূপেন্দ্ৰ তালুকদাৰে ৩২২ ভোট লাভ কৰি ১৪টা ভোটৰ ব্যৱধানত পৰাজিত হয়৷
প্ৰেৰক কল্যাণ কলিতা