নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ছুনামিত বিধ্বস্ত বিৰোধী দলঃএকক সংখ্যা গৰিষ্ঠতাৰে ডিব্ৰুগড় পৌৰসভাত বিজেপিৰ জয়ধ্বজা

বিশেষ বাৰ্তা,  ৯মাৰ্চঃ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি ডিব্ৰুগড় পৌৰসভাত বিজেপি নেতৃত্বাধীন পৌৰসভা হোৱাটো নিশ্ছিত হৈ পৰিল। মুঠ ২২ টা ৱাৰ্ডৰ ভিতৰত কেৱল ১০নং ৱাৰ্ডটো কংগ্ৰেছৰ চামচুন নাহাৰ হুচেইন আহমেদে ১২৫১ টা ভোট সংগ্ৰহৰে বিজেপিৰ ৰাহান আহমেদৰ লগত ১৩০টা ভোটৰ ব্যৱধানত কংগ্ৰেছ জয়ী হয় যদিও বিজেপিৰ ছুনামিত বিধ্বস্ত হয় সকলো বিৰোধী দল।আনহাতেদি ১নং ৱাৰ্ডৰ বিজেপি গৌতম দত্ত  বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱাৰ বিপৰীতে আজি ঘোষণা কৰা ফলাফল অনুযায়ী ২ নং ৱাৰ্ডত বিজেপি দৰ্শন দাসৰ ২০৭০ ভোটৰ বিপৰীতে কংগ্ৰেছৰ বিদ্যাৱতী সোণোৱাল গগৈয়ে ১৮৭৩ টা ভোট লাভ কৰি ১৯৭ টা ভোটৰ ব্যৱধানত বিজেপি জয়ী হয়।৩ নং ৱাৰ্ডত বিজেপিৰ পূৰ্ণিমা বৰাই ১১৯৮ ভোটৰ বিপৰীতে কংগ্ৰেছৰ লক্ষীজ্যোতি সোণোৱালে ৯১০টা ভোট লাভ কৰাত ২৮৮ টা ভোটত বিজেপি জয়ী হয়।৪ নং ৱাৰ্ডত বিজেপিৰ প্ৰণৱ কলিতাই ২৯৯১ টা ভোটৰ বিপৰীতে কংগ্ৰেছৰ বিতুল তালুকদাৰে ২১৩৯ টা ভোট লাভ কৰাত ৭৭২টা ব্যৱধানত বিজেপি জয়ী হয়।৫ নং ৱাৰ্ডত বিজেপিৰ দিব্যজ্যোতি হাজাৰিকাই (বিজু)১৭৪২ টা  ভোটৰ বিপৰীতে কংগ্ৰেছৰ জিনা হাজৰিকাই ৭৮৯ ভোট লাভ কৰি ৯৫৩ টা ভোটৰ ব্যৱধানত বিজেপিৰ জয়।৬ নং ৱাৰ্ডত বিজেপি হেমালতা শইকীয়া গগৈৰ ২২৩৪ ভোটৰ বিপৰীতে কংগ্ৰেছৰ নিপা দাসে ৬০১টা ভোট লাভ কৰি ১৬৩৩ ভোটৰ ব্যৱধানত বিজেপি জয়।৭ নং ৱাৰ্ডত বিজেপিৰ বিনুমা দাসে ১০১১ ভোটৰ বিপৰীতে জুৰিমনি দাস বৰুৱাই ৩১০ ভোট লাভ কৰি ৫০৯ ব্যৱধানত বিজেপিৰ জয়।৮ নং ৱাৰ্ডত বিজেপিৰ ৰতন পালে ১৯৪৪ আৰু কংগ্ৰেছৰ আশীষ চক্ৰৱৰ্তীয়ে ১৫৪৬ ভোট লাভ কৰাত ৩৯৮ ব্যৱধানত বিজেপি জয়।৯ নং ৱাৰ্ডত বিজেপি শ্ৰৱণ কুমাৰ দাসে ১৩৭৮ আৰু কংগ্ৰেছৰ আমিম খানে ১১৮৮ ভোট লাভ কৰাত ১৯০টা ভোটত বিজেপি জয়ী।১১ নং ৱাৰ্ডত বিজেপিৰ উজ্জল ফুকনৰ ৭৩২ ভোটৰ বিপৰীতে কংগ্ৰেছৰ সন্দীপ গাৰোডীয়াই ১৩০ টা ভোট লাভ কৰাত বিজেপি ৩০৪ ব্যৱধানত জয়ী।১২ নং ৱাৰ্ডত বিজেপিৰ পম্পী ৰয় চৌধুৰীয়ে ১৯৯৮ আৰু কংগ্ৰেছৰ মৌচুমী চৰকাৰ দত্তই ৮৬১ ভোট লাভৰে বিজেপি ১১৩৭ ভোটত জয়ী।১৩ নং ৱাৰ্ডত বিজেপিৰ তপা দেয়ে ১৬১০ আৰু নিৰ্দলীয় অঞ্জুনা দাসে ৯২০ ভোট লাভ কৰি ৬৯০টা বিজেপি জয়ী।১৪ নং ৱাৰ্ডত বিজেপিৰ ডাঃ চৈকত পাত্ৰই ১৬২৪টা আৰু নিৰ্দলীয় শ্যামল দাসে ৬৫০ টা ভোট লাভ কৰাত ৯৭৪ ভোটত বিজেপিৰ জয়।১৫ নং ৱাৰ্ডত বিজেপিৰ শিখা চৌধুৰীয়ে ১৬৯৩ আৰু কবিতা বৰগোহাঁই দাসে ৩৯৬ ভোট পোৱাত ১২৯৭ ব্যৱধানত বিজেপিৰ জয়।১৬ নং ৱাৰ্ডত বিজেপিৰ মামুন গগৈ মিত্ৰই ৯০২ আৰু কংগ্ৰেছৰ জেউতি মেচ শ্বাহে  ১৩৪ লাভ কৰাত বিজেপি ১৭৭ভোটত জয়ী।১৭ নং ৱাৰ্ডত বিজেপিৰ নিৰুপা দত্তই ১৭০২ আৰু কংগ্ৰেছৰ জেছমিন বেগমে ১৩৫৮ লাভ কৰাত ৩৪৪ ব্যৱধানত বিজেপি জয়ী।১৮ নং ৱাৰ্ডত বিজেপিৰ সীমান্ত বৰুৱাই ১৭৬৩ আৰু কংগ্ৰেছৰ ৰঞ্জিত চেতিয়াই ১৩৮২ ভোট লাভ কৰাত ৩৮১টা ভোটত বিজেপিৰ জয়।১৯ নং ৱাৰ্ডত বিজেপিৰ মুনমুন দাসে ২৩৩৮ আৰু কংগ্ৰেছৰ মুনমুন দেৱীয়ে ১০১৪ ভোট পোৱাত ১৩২৪ ব্যৱধানত বিজেপি জয়।২০ নং ৱাৰ্ডত বিজেপি দীপালী দেয়ে ১৪৯৬ আৰু কংগ্ৰেছৰ   চিমি দেৱ চৌধুৰীয়ে ৫৬৯ ভোট লাভ কৰাত ৯২৭ টা ভোটত বিজেপিৰ জয়।২১ নং ৱাৰ্ডত  বিজেপি ব্ৰতীশ কান্তি দাসে ১২৯১ আৰু কংগ্ৰেছৰ সঞ্জীব কুৰিয়ে  ৬৪২ ভোট লাভ কৰাত বিজেপি ৬৪৯ ভোটত জয়ী আৰু ২২ নং ৱাৰ্ডত বিজেপিৰ সীমা দাসে ৩৯৫৫  আৰু কংগ্ৰেছৰ আশা (চাফি) ৰজকে ১৪৯৬ ভোট লাভ কৰাত সৰ্ব্বাধিক ২৪৫৯ টা ভোটত বিজেপি জয়ী হয়।

প্ৰেৰক বিভাস দুৱৰা।

You might also like