সংখ্যালঘু এলেকাত শাসকীয় পক্ষত ভোটঃ কংগ্ৰেছৰ কু-কৰ্মৰ বাবে ৰাইজে প্ৰত্যাখ্যান কৰিছেঃ ভৱেশ কলিতা
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: পৌৰসভা নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত ৰঙিয়া পৌৰসভাৰ ১০টা ৱাৰ্ডৰ ৮টা বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে । ৰঙিয়া পৌৰসভাৰ বিজেপিয়ে প্ৰাৰ্থীত্ব দিয়া ৮খনৰ আটাইকেইখন আসনতে শাসকীয় দলটোৱে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে মিত্ৰদল অগপক এৰি দিয়া আসন দুখনত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে । ঘোষিত ফলাফল অনুসৰি ১নং ৱাৰ্ডত বিজেপিৰ অমৰেন্দ্ৰ লহকৰ , ২নং ৱাৰ্ডত বিজেপিৰ বিউটি বেগম , ৩নং ৱাৰ্ডত বিজেপিৰ গুণমণি বড়ো , ৪নং ৱাৰ্ডত বিজেপিৰ মিতালী ডেকা , ৫নং ৱাৰ্ডত বিজেপিৰ গুঞ্জন দাস, ৬নং ৱাৰ্ডত বিজেপিৰ উত্তম পাল , ৭নং ৱাৰ্ডত বিজেপিৰ পূৰৱী দাস , ৮নং ৱাৰ্ডত বিজেপিৰ বিদ্যুৎ ডেকা , ৯নং ৱাৰ্ডত কংগ্ৰেছৰ চানোৱাৰা বেগম আৰু ১০নং ৱাৰ্ডত কংগ্ৰেছৰ ৰেচমা আহমেদে জয়লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ৯ আৰু ১০নং ৱাৰ্ডত মিত্ৰদল অগপই প্ৰাৰ্থী প্ৰক্ষেপিত কৰিছিল যদিও দুয়োখন আসন কংগ্ৰেছে দখল কৰে । বিজেপিৰ বৃহৎ জয়ৰ পিছতে সমৰ্থক সকল বিশাল বিজয় ৰেলী উলিয়ায় । পৌৰসভা নিৰ্বাচনত সমগ্ৰ অসমতে বিজেপিয়ে সৰস সংখ্যক আসন লাভ কৰাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভবেশ কলিতাই কয় যে ৰাইজে কংগ্ৰেছক বিদায় দিছে । পৌৰ নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছতকৈ নিৰ্দলীয়ই অধিক আসন লাভ কৰিছে । কংগ্ৰেছে অসমৰ জনগণক বিশ্বাসঘাটকতা কৰাৰ বাবে এই দশা হৈছে । কংগ্ৰেছে তৃতীয় স্থানত থাকিব লগীয়া হোৱাটোৱেই তেওঁলোকৰ দুৰৱস্থাৰ প্ৰতিপন্ন কৰিছে বুলি সভাপতি গৰাকীয়ে দোহাৰে । আনকি সংখ্যালঘু ৰাইজো দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে আগবাঢ়ি আহি সমবিকাশৰ বাবে বিজেপিক ভোটদান কৰিছে। ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ প্ৰসংগ টানি আনি সভাপতি গৰাকীয়ে কয় যে প্ৰায় ৯৫ শতাংশ সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ৰাইজে এইবাৰ বিজেপিৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰি প্ৰমাণ কৰিছে যে সংখ্যালঘু ৰাইজে এতিয়া বিজেপিক আদৰি লৈছে । সেয়েহে পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হ’ল ।এই সাফল্যৰ বাবে তেওঁ ভোটাৰ ৰাইজক ধন্যবাদ জনায় । মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিকাশৰ বন্যা বোৱাৰ বাবেই আজি ৰাইজে বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰা বুলি মত ব্যক্ত কৰে ।
প্ৰেৰক ফাৰুক হুছেইন