নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত নতুন শিক্ষানীতি বিষয়ক বিদ্যালয় প্ৰধানৰ সৈতে আলোচনা

ইতিবাচক পৰিৱৰ্তনৰ বাবে নতুনত্বক আদৰিব‌ই লাগিব: উপায়ুক্ত ভূচাল

 নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ: “নতুন শিক্ষানীতিৰ প্ৰয়োগত বিদ্যালয়-প্ৰধান সকলৰ ভূমিকা” শীৰ্ষক বিষয়ত এটি মনোজ্ঞ আলোচনা চক্ৰ আজি দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বৰপেটা জিলাৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উপস্থিত থকা এই আলোচনা-চক্ৰখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কয় যে, যিকোনো নতুন বিষয়-বস্তুৰ প্ৰতি মানুহৰ স্বাভাৱিক অনিহা আৰু আশঙ্কা থাকেই। সেয়ে কিছুমান লোকে নতুন শিক্ষানীতি ২০২০ ৰ প্ৰয়োগৰ বিৰোধিতা কৰিছে। কিন্তু একঘেয়ামী স্থিতাৱস্থাৰ পৰা বিকাশৰ দিশত অগ্ৰসৰ হ’বলৈ হ’লে আমি সুপৰিকল্পিত নতুনত্বক আদৰণি জনাব‌ই লাগিব। অৱশ্যে কেৱল নীতি সলনিয়ে আমাৰ প্ৰকৃত উন্নয়ন সাধিব নোৱাৰে, যদিহে আন্তৰিকতাৰে ইয়াৰ সঠিক প্ৰয়োগ কৰা নহয় বুলি তেওঁ মত প্ৰকাশ কৰে। বৰপেটা জিলা উচ্চতৰ মাধ্যমিক আভ্যন্তৰীণ পৰীক্ষা পৰিষদৰ উদ্যোগত আয়োজিত এই আলোচনাচক্ৰখনৰ সঞ্চালনা কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতিয়ে।

তেওঁ কয় যে, শিক্ষামন্ত্ৰীৰ আহ্বান ক্ৰমেই ৰাজ্যৰ ভিতৰত বৰপেটা জিলাতেই প্ৰথমবাৰলৈ এই বিষয়টো সন্দৰ্ভত সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক লৈ এনেদৰে আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশলৈ চমু বক্তব্য দাঙি ধৰে। সমল ব্যক্তি হিচাবে উপস্থিত থাকি সৰুপেটাৰ বি এইছ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিৰিঞ্চি কুমাৰ দাসে কয় যে, যিসকলে নতুন শিক্ষানীতিৰ বিৰোধিতা কৰিছে তেওঁলোকৰ বহুতেই হয়তো ভালদৰে ইয়াৰ অধ্যয়ন কৰা নাই। যাৰ ফলস্বৰুপে বহুতো ভুল ব্যাখ্যা হৈ আছে বুলি তেওঁ অভিযোগ কৰে।

ড: দাসে কয় যে, কোনো ব্যৱস্থাই সম্পূৰ্ণ নিখুঁত বুলি ক’ব নোৱাৰি যদিও, এই শিক্ষানীতিয়ে ইতিবাচক পৰিবৰ্তনৰ সূচনা কৰিব বুলি তেওঁ দৃঢ়তাৰে মত প্ৰকাশ কৰে। আলোচনাচক্ৰত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড: মুকুন্দ শৰ্মা আৰু হাউলীৰ জিলা শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষা মীনাক্ষী দাসেও সমল ব্যক্তি হিচাবে ভাষণ প্ৰদান কৰাৰ লগতে উপস্থিত শিক্ষক সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। সভাৰ আৰম্ভণীতে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাৰু চক্ৰৱৰ্তীয়ে আদৰণি ভাষণ দিয়ে। 

প্ৰেৰকঃ আফতাব হুছেইন, কয়াকুছি 

You might also like