বান্দৰদেৱাত পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলি
নিয়মীয়া বাৰ্তা, ১১মাৰ্চ -লখিমপুৰ জিলাৰ বান্দৰদেৱাত ড্ৰাখছ সৰবৰাহকাৰী লৈ আৰক্ষীৰ গুলি, দুজন গুলিবিদ্ধ ৷ যোৱা কালি সন্ধিয়া লখিমপুৰ জিলাৰ পথালি পাহাৰত নগাঁৱৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ লৈ অহা দুখন বিলাসী বাহন সহ দুজনক আটক কৰিছিল বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে। নিশা প্ৰায় এক মান বজাত বান্দৰদেৱাৰ ২ নং পাৰ্বতীপুৰৰ বুধবৰীয়া বজাৰৰ সমীপত থকা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ নিছিল আৰক্ষীক ধৃত দুয়ো ড্ৰাগছ সৰবৰাহকাৰীয়ে।
কিন্তু আন্ধাৰৰ সুযোগ বুজি আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলিত এনকাউন্টাৰ হয়। নগাঁৱৰ জাহেদ আলি আৰু জাকিৰ হুছেইন নামৰ দুয়ো ড্ৰাগছ সৰবৰাহকাৰী এনকাউন্টাৰ হৈ বৰ্তমান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
প্ৰেৰকঃ মুকুল ভূঞা