নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাড়ীত যাব লাগিছিল মানুহঃ চিৰাঙত পিছে বাহনৰ পিছফালে ওলাল কাঠ

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ: চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰী আৰু অবৈধ কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে এছ এছ বি বাহিনীৰ সহযোগত জিলা বন বিভাগে অভিযান চলাই থকাৰ সমান্তৰালভাৱে বনজ সম্পদ ধ্বংসৰ সৈতে জড়িত চক্ৰও সমানে সক্ৰিয় হৈ আছে। দুদিন পূৰ্বে শান্তিপুৰ ৰেঞ্জত চোৰাং কাঠ ভৰ্তি বাহন বন বিভাগৰ অভিযানকাৰী দলে জব্দ কৰাৰ পাছত বন মাফিয়া চক্ৰই বাহন এখনত অগ্নি সংযোগ কৰি জ্বলাই দিয়ে। যোৱানিশা বেংতল অঞ্চলৰ পৰা চোৰাং কাঠ সৰবৰাহ কৰা এখন বন বিভাগৰ অভিযানকাৰী দলে খেদি খেদি বঙাইগাঁও জিলাৰ অন্তৰ্গত ৰাখালডুবিত জব্দ কৰে। আজি চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে এ এছ ০১ ইউ -১৩২৮ নম্বৰৰ চেন্ট্ৰো কাৰখনত প্ৰায় ৫০ চি এফটি শাল কাঠ কঢ়িয়াই লৈ যোৱা সময়তে বন বিভাগৰ অভিযানকাৰী দলে গাড়ী খন জব্দ কৰিবলৈ খেদি যায়। পিছে পিছে বন বিভাগৰ অভিযানকাৰী দলে খেদি যোৱাত উপায়বিহীন হৈ কাঠ সৰবৰাহকাৰী চক্ৰই বাহন খন পথতে এৰি এন্ধাৰৰ সুযোগলৈ পলায়ন কৰিবলৈ সক্ষম হয়। প্ৰায় ৮০,০০০ টকা বজাৰ মূল্যৰ কাঠ খিনি আৰু বাহন খন বন বিভাগে কাজলগাঁওস্থিত জিলা বন প্ৰাধিকাৰী কাৰ্যালয়লৈ লৈ আহে। জিলা খনৰ উত্তৰাঞ্চলৰ পৰা এইদৰে প্ৰতিদিনে বহু মূল্যবান গছৰ কুণ্ডা, ফলা কাঠ আৰু বন্য প্ৰাণীৰ মঙহ তথা অংগ-প্ৰত্যংগৰ চোৰাং সৰবৰাহ হৈ থকা বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰিছে।।
প্ৰেৰক বিপুল কুমাৰ দাস

You might also like