নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে স্বামীৰ পৰা বিচ্ছিন্ন হৈছে এইগৰাকী বোৱাৰী

বিশেষ বাৰ্তা, ১২ মাৰ্চঃ পোলেণ্ডৰ আশ্ৰয় শিবিৰত সেৱা আগবঢ়াইছে অগণন মানুহে। তাতে থকা এগৰাকী ভাৰতীয় বোৱাৰী সংবাদ শিৰোণামলৈ আহিছে। শ্বেতবৰ্ণ মহিলাগৰাকী ইউক্ৰেইনৰ, কিন্তু তেওঁৰ স্বামী ভাৰতীয় আৰু বৰ্তমানে আছে দিল্লীত। অন্তঃসত্ত্বা মহিলাগৰাকীৰ বিবাহৰ বহু ফটোও দেখিবলৈ পোৱা গৈছে। তেওঁ ভাৰতীয় লোকজনৰে হিন্দু ৰীতিৰে বিবাহত বহিছিল। কিন্তু ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ বাবে তেওঁলোক বিচ্ছিন্ন হৈ পৰিছে। মহিলাগৰাকীয়ে ভাৰতীয় সংবাদ মাধ্যমক কাষত পাই তেওঁৰ স্বামীৰ সৈতে মিলন কৰাবলৈ ভাৰত চৰকাৰক আৱেদন কৰিছে।

You might also like