বকোৰ কালাতলীত এডোখৰ চৰকাৰী ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত বিবাদ
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ: কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কালাতলী নতুন কাঠমী সোমবৰীয়া বজাৰত এডোখৰ চৰকাৰী ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত চলিছে বিবাদ ৷ এটা ফৈদে বৃহত্তৰ ৰাজহুৱা স্বাৰ্থৰ হকে যুঁজিছে ; আনটো ফৈদে দীৰ্ঘদিন ধৰি ভোগ দখল কৰি থকা সূত্ৰে মাটি খিন দাবী কৰিছে ৷ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত নতুন কাঠমী বজাৰৰ মাটিৰ লগত সংলগ্ন ২৬৮ নং দাগৰ ৩ কঠা ৪ লেচা চৰকাৰী ভূমিৰ সৈতে গোপাল মিঞাৰ নামত ম্যাদি হৈ আছে আন এটা অংশৰ ৩ কঠা ৪ লেচা জমী ৷ এই বিবাদমান ভূমিৰ কোনো মীমাংসা নোহোৱাৰ আগতেই শণিবাৰে গোপনে মাটি পেলাই চৰকাৰী ভূমি দখল কৰিবলৈ চেষ্টা চলাই গোপাল মিঞাই ৷ এই খবৰ পাই নতুন কাঠমী বজাৰ পৰিচালনা কমিটিয়ে সোণতলী আৰক্ষীক খবৰ দি মাটি পেলোৱাত বাধা দিয়ে । ইফালে গোপাল মিঞাই মানুহ লগাই বিবাদমান জমীখিনিত টিনপাতৰ বেৰ দিয়ে ৷ যদিও সোণতলী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বেৰ উঠাই লবলৈ কয় আৰু গোপাল মিঞাই বেৰখন উঠাই লয় ৷ এই বিবাদমান ভূমিকলৈ বিগত ৮ বছৰ ধৰি চলি থকা বিবাদৰ সু মীমাংসা বিচাৰি দুয়ো পক্ষই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কামৰূপ জিলাৰ উপায়ুক্ত আৰু ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক আহ্বান জনাইছে ।
প্ৰেৰক কামাৰুজ জামান