খবৰ ভাল নহয় অ’বামাৰ!
বিশেষ বাৰ্তা, ১৪ মাৰ্চঃ ক’ভিডত আক্রান্ত হৈছে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা। দেওবাৰে নিশা এক টুইট কৰি এই খবৰ নিজে দিছে অ’বামাই। তেওঁ জনাইছে যে ডিঙিৰ সামান্য খচখচনি আছে যদিও বাকী দেখাত সকলো ঠিকেই আছে। অৱশ্যে অ’বামা ক’ভিডত আক্রান্ত হ’লেও তেওঁৰ পত্নী মিছেল অ’বামা সংক্রমিত হোৱা নাই। টুইটাৰত প্রাক্তন ফাৰ্ষ্টলেডীৰ স্বাস্থ্যৰ খবৰ দিছে অ’বামাই। উল্লেখ্য যে, বাৰাক আৰু মিছেল— দুয়োই ক’ভিড ভাইৰাছৰ ভেকচিন লোৱা আছিল। কিছুদিন আগেয়ে বুষ্টাৰো লৈছিল দুয়োৱে।