নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুট কেনেল চিকিৎসা

দাঁতৰ তিনিটা তৰপ থাকে৷ ওপৰৰ তৰপটোক এনামেল বুলি কোৱা হয়৷ মাজৰ তৰপটোক ডেণ্টিং বুলি কোৱা হয়৷ তলৰ তৰপটোক পাল্প চেম্বাৰ বুলি কয়৷ পাল্প চেম্বাৰত কোমল সিৰা থাকে৷ নার্ভৰ লগত সংযুক্ত থাকে৷ যেতিয়া দাঁতৰ কেভেটি আৰম্ভ হয়, যদি কেভেটি এনামেল বা ডেণ্টিঙলৈকে থাকে তেতিয়া কেভেটিটো ফিলিং কৰিলে হৈ যায়৷ যেতিয়া কেভেটিটো পাল্প চেম্বাৰলৈকে গৈ পায় তেতিয়া ৰুট কেনেল চিকিৎসা কৰিব লগা হয়৷

  • যেতিয়া দাঁতেৰে চোবাব বা কামুৰিব নোৱৰা হয়, তেতিয়া ৰুট কেনেল চিকিৎসা কৰিবলগীয়া হয়৷
  • ভগা দাঁত হ’লে ৰুট কেনেল চিকিৎসা কৰিব লগা হয়৷
  • সিৰসিৰণি বেছিকৈ হৈ থাকিলে ৰুট কেনেল চিকিৎসা কৰিব লগা হয়৷
  • উখহা বা আলুবোৰ ফুলি থাকিলে তেতিয়া ৰুট কেনেল চিকিৎসা কৰিব লগা হয়৷
  • দাঁতত ডাঙৰ কেভেটি থাকিলে ৰুট কেনেল চিকিৎসা কৰিব লগা হয়৷

ৰুট কেনেল চিকিৎসা কেনেকৈ কৰে?

প্রথমতে লোকেল এনাস্থেছিয়া দিয়া হয়৷ তাৰ পিছত দাঁতৰ মাজত মেচিনেৰে ডীল (কটা যায়) কৰাৰ পিছত পাল্প চেম্বাৰটো তললৈকে চাফা কৰা হয়৷ চাফা কৰাৰ পিছত যেতিয়া বিষটো নাইকিয়া হৈ যায়, তেতিয়া দাঁত ফিলিং কৰা হয়৷ ফিলিং কৰাৰ পিছত দাঁতৰ ওপৰত কেপ্ (ক্রাউন) লগোৱা হয়৷ গোটেইখিনি কামৰ বাবে তিনি দিনমানৰ সময়ৰ প্রয়োজন হয়৷ বেছি দাঁত হ’লে বেছিদিন সময় লাগে৷

You might also like