বিশ্বনাথৰ বৰপুখুৰীত চাওঁতালীসকলৰ ‘বাহা’ উৎসৱ উদযাপন
বিশেষ বাৰ্তা, বৰগাং, ১৫ মাৰ্চঃ বিশ্বনাথৰ বৰপুখুৰী হাৰমতী শ্ৰমিক কলনিস্থিত নৱনিৰ্মিত ‘মাঝিথান’ প্ৰাংগনত ‘বাহা’ উৎসৱ অতি উলহ মালহেৰে পালন কৰা হয়৷ চাওঁতালসকলৰ ‘বাহা পৰৱ’ হ’ল বসন্তক আদৰাৰ উৎসৱ৷ প্ৰকৃতিয়ে সাজ সলোৱাৰ দৰে পৰিৱৰ্তনীয় সাজ সলোৱাৰ বাবে তৎপৰ হৈ উঠে চাওঁতালীসকলে৷ ন-সাজেৰে পূৰ্ণ যৌৱনা হোৱা বসন্তৰ ঋতুয়ে কৃষি প্ৰধান এই চাওঁতালী জনগোষ্ঠীৰ ওপৰতো পুৰ্ণ প্ৰভাৱ পৰে৷ পাতে, ফুলে,পুৰ্ণ জোন সদৃশ সাজোন কাচোনেৰে পৰমানন্দৰ সুখ প্ৰাপ্তিৰ বসন্তৰ উৎসক বিচাৰি যেন উজুটি খায় ৷ সৃষ্টিৰ বৈচিত্ৰময় উৰ্বৰা হোৱা ধৰাৰ সৌন্দৰ্যক পৰিচৰ্যা পৰিপুৰ্ণতাই প্ৰাণ পাই উঠে চাওঁতালীৰ বসন্তৰ ‘বাহা’ উৎসৱত৷ সেউজীয়া কোমল পাতৰ সৈতে ফুলৰ পাহ যুৱক যুৱতী, পুৰুষ মহিলা সকলে নিজকে অলংকৃত কৰে৷ চাওঁতালী গাভৰুৱে ফুলৰ পাহ আৰু ন-পাত খোপাত গুজি লয়৷ যুৱক তথা সমাজৰ সকলো শ্ৰেণীৰ লোকেই কাণ , ডিঙি আৰু মস্তকত বসন্তৰ ন-পাত আৰু ফুল গুজি মেৰিয়াই লোৱা বসন্তক উষ্ম আদৰণি জনায়৷ চাওতালী সকলৰ পুৰোহিত (নাইকে)য়ে পৰম্পৰাগত পুজা পৰ্ব সম্পন্ন কৰে ৷ ন-পাত ফুল পৰিধান কৰি নৃত্যগীতেৰে বসন্তৰ বাহা পৰৱক ন-মাত্ৰা প্ৰদান কৰে৷ বিভিন্ন ধৰনৰ খাদ্যৰে ভোজন পৰ্ব চলে৷ তৎপশ্চাৎ বাহা পৰ্বৰ গীত আৰু জাগৰণ নৃত্য-নটিকা তথা গৃহস্থী গোঁসাই পৰিভ্ৰমণ গীত নৃত্য কৰে যুৱক-যুৱতী সকলে৷ এইদৰেই ১৩ মাৰ্চত চাওঁতালীসকলে পালন কৰা বসন্তৰ বাহা উৎসৱত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লোক সকলে আহি উপভোগ কৰে৷ বিশ্বনাথ জিলা পৰিষদৰ উপ-সভানেত্ৰী গায়ত্ৰী কুৰ্মী, বামুনীপথাৰ পঞ্চায়তৰ সভানেত্ৰী অনিমা বেপী, অসম চাহ মজদুৰ সংঘৰ উপ সভানেত্ৰী লিপিকা কৰাড, সদৌ অসম গণ্ডৱানা ছাত্ৰ সন্থাৰ কৃষ্টি সম্পাদক সুবেন গোঁড় , সদৌ অসম চাওঁতাল মাঝি মণ্ডল বিশ্বনাথ জিলা সমিতিৰ সভাপতি চুনু হেমৰমৰ লগতে চাওঁতাল ছাত্ৰ নেতা বিৰছা মাৰ্ডি তথা অসম চাহ মজদুৰ সংঘ বৰপুখুৰী গোটৰ সভাপতি সম্পাদক প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি সকল অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।