খৈৰাবাৰী মহাবিদ্যালয়ত বিহু কৰ্মশালা
নিয়মীয়া বাৰ্তা, খৈৰাবাৰী, ১৫ মাৰ্চ: খৈৰাবাৰী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষৰ উদ্যোগত বিহু কৃষ্টি পৰিষদ, অসমৰ দৰং জিলা সমিতি আৰু লহৰ আঞ্চলিক সাংস্কৃতিক সন্থাৰ সৌজন্যত ১০ মাৰ্চৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে খৈৰাবাৰী মহাবিদ্যালয়ত আয়োজন কৰা বিহু কৰ্মশালাৰ কালি সামৰণি পৰে। লহৰ আঞ্চলিক সাংস্কৃতিক সন্থাৰ সম্পাদক বিহু ৰাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত অংশ লৈ বিহু ৰাণী হিৰণ্ময়ী কলিতাই বিহুক শুদ্ধ ৰূপত জীয়াই ৰাখিবলৈ আহ্বান জনায়। খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ উত্তম কলিতাই আঁত ধৰা উক্ত সামৰণি অনুষ্ঠানত বিশিষ্ট লেখক পুনু ৰাম কলিতা, বিহু কৃষ্টি পৰিষদ, অসমৰ কাৰ্যনিৰ্বাহক সদস্য অসীম হাজৰিকা, পৰিষদৰ দৰং জিলা সমিতিৰ যুটীয়া সম্পাদক কিশোৰ কলিতা, ডাঁহী আঞ্চলিক সমিতিৰ উপ-সভাপতি হংসধৰ ডেকা, অধ্যাপিকা সুৱৰ্ণ দেৱী, ৰূপালী শইকীয়া, উদ্যোক্তা ৰবীন ভূঞাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা পাঁচদিনীয়া এই কৰ্মশালাত বিহু নাচৰ প্ৰশিক্ষণ দিয়ে বিহু ৰাণী হিৰণ্ময়ী কলিতাই। আনহাতে, ৰাহুল ডেকা, পিংকুমণি ডেকা, শশাংক চহৰীয়াই বিহু বাদ্যৰ প্ৰশিক্ষণ দিয়ে প্ৰশিক্ষাৰ্থীসকলক। সামৰণি অনুষ্ঠানত অংশ গ্ৰহণৰ একোখনকৈ প্ৰমাণপত্ৰও দিয়া হয় প্ৰশিক্ষাৰ্থীসকলক।