বিশেষ বাৰ্তা, ১৫ মাৰ্চঃ ঘূৰ্ণী-ধুমুহাৰ কৱলত পৰিব পশ্চিমবংগ-ওড়িশা। দুয়োখন ৰাজ্যৰ উপকূলত নতুন ঘূৰ্ণী-ধুমুহাই আঘাত কৰিব পাৰে। এই আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ ঘূৰ্ণী-ধুমুহাৰ নাম চিত্রাং। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি এই ধুমুহাই মার্চৰ শেষ সপ্তাহত কোবাব পাৰে। চিত্রাঙৰ প্ৰতি ঘণ্টাত গতি বেগ ১৫০ কিলোমিটাৰ। ইন্দোনেছিয়াৰ উপকূলত সৃষ্টি হোৱা নিম্নচাপে লাহে লাহে শক্তি বঢ়াই ভাৰত মহাসাগৰৰ পৰা বংগোপসাগৰৰ দিশে আগুৱাই যাব পাৰে৷ অৱশ্যে এই ঘূৰ্ণী-ধুমুহাই কোন দিশে প্ৰৱেশ কৰিব সেয়া সুনির্দিষ্টভাৱে এতিয়াই ক’ব পৰা নাই বতৰ বিজ্ঞান কেন্দ্ৰই। তথাপিও বংগোপসাগৰেৰে প্রৱেশৰ পাছত শক্তি বৃদ্ধি হৈ পশ্চিমবংগ-ওড়িশা অভিমুখে এই বতাহ-ধুমুহা অহাৰ আশংকা আছে। পশ্চিমবংগ-ওড়িশাত ই তাণ্ডৱ চলালে ইয়াৰ প্ৰভাৱ অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো পৰিব।
Prev Post
Next Post
You might also like