নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ দক্ষিণ কাশ্মীৰত পুলৱামাৰ অৱন্তীপোৰা জিলাৰ চাৰোচা অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হৈছে। অঞ্চলটোত নিৰাপত্তা বাহিনীৰ অভিযান বৰ্তমানো অব্যাহত আছে। আৰক্ষীৰ এছ.অ.জি, সেনা আৰু চি.আৰ.পি.এফ. জোৱানসকলে চাৰোচা অঞ্চল সম্পূৰ্ণৰূপে ঘেৰাও কৰিছে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে অঞ্চলটোত লুকাই থকা উগ্ৰপন্থীৰ সংখ্যা দুইৰ পৰা তিনিজন হ’ব পাৰে। এই মুহূৰ্তত এজন নিহত হৈছে। এই সন্ত্ৰাসবাদীসকল কোন সংগঠনৰ, বৰ্তমান ইয়াৰ বিষয়ে কোনো তথ্য নাই।
ইপিনে আৰক্ষীয়ে জনোৱা অনুসৰি, উগ্ৰপন্থীৰ খবৰ পোৱাৰ পিছতে আজি ৰাতিপুৱা চাৰোচা অঞ্চলত এটা তালাচী অভিযান আৰম্ভ কৰা হৈছিল। নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত উপস্থিত হৈ সন্ত্ৰাসবাদীকেইটাৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰাৰ লগে লগে অঞ্চলটোত লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে।