নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ভাৰতৰ আৰক্ষী বিভাগত থকা মহিলা কর্মীৰ সংখ্যা হৈছে ১০.৩ শতাংশ৷ আজি কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ে লোকসভাত সদৰী কৰে এই তথ্য৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি আৰক্ষী গৱেষণা তথা উন্নয়ন ব্যুৰ’ৰ তৰফৰ পৰা চৰকাৰক এই তথ্য প্রদান কৰা হৈছে৷ উল্লেখনীয় যে বিভিন্ন ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহত ২০২০ৰ ১ জানুৱাৰীলৈ মুঠ আৰক্ষী কর্মীৰ সংখ্যা ২০,৯১,৪৮৮৷ ইয়াৰ ভিতৰত মহিলা কর্মীৰ সংখ্যা হৈছে ২,১৫,৫০৪গৰাকী৷ অর্থাৎ মুঠ আৰক্ষী কর্মীৰ ১০.৩ শতাংশ হৈছে মহিলা৷
উল্লেখনীয় যে কংগ্রেছ সাংসদ বিজয়াকুমাৰৰ এক প্রশ্ণৰ উত্তৰত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সংসদত এই তথ্য সদৰী কৰে৷ বিহাৰ আৰক্ষীত আটাইতকৈ বেছি মহিলা কর্মী থকা বুলিও মন্ত্রীগৰাকীয়ে প্রকাশ কৰে৷