নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ১৩খন চহৰত ক’ৰোনা ভাইৰাছ প্রতিৰোধী কঠোৰ লকডাউন

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিশ্বৰ বিভিন্ন প্রান্তত ক’ভিড মহামাৰীৰ সংহাৰ যথেষ্ট হ্রাস পাইছে যদিও চীনত মহামাৰীক লৈ সৃষ্টি হৈছে নতুন আতংক৷ যোৱা দুবছৰ ধৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণক প্রতিৰোধ লগাবলৈ বিভিন্ন কঠোৰ ব্যৱস্থা গ্রহণ কৰা চীনৰ বহু চহৰত শেহতীয়াকৈ মহামাৰীৰ সংহাৰ আৰম্ভ হৈছে৷ সংক্রমণৰ তৃতীয় জোৱাৰ অতিক্রম কৰাৰ পিছত পৃথিৱীৰ বহু দেশলৈ সুস্থিৰতা ঘূৰি অহাৰ বিপৰীতে চীনত ক’ভিড–১৯য়ে পুনৰ সংহাৰী ৰূপ লৈছে৷ গতিকে বেইজিংসহ ১৩খন মহানগৰত এই মহামাৰীক প্রতিৰোধৰ বাবে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷

স্মর্তব্য যে আৰম্ভণিৰে পৰা ক’ভিডমুক্ত হোৱাৰ লক্ষ্য লৈ প্রতিৰোধী ব্যৱস্থা কঠোৰভাৱে বলবৎ কৰি আহিছে চীনে৷ কিন্তু বর্তমান পৰিস্থিতিত দেশখনৰ বিভিন্ন চহৰলৈ নতুনকৈ সংক্রমিত হৈছে ক’ৰোনা ভাইৰাছ মহামাৰী৷ মঙলবাৰে দেশখনত ৫,২৮০গৰাকী লোকৰ দেহত ক’ৰোনাৰ উপস্থিতি ধৰা পৰিছে৷ অর্থাৎ কালি দিনটোতকৈ আক্রান্তৰ হাৰ দুগুণ বৃদ্ধি পাইছে দেশখনত৷ লক্ষণীয়ভাৱে অতি কঠোৰ লকডাউন তথা নিষেধাজ্ঞা আৰোপ কৰিও ক’ভিডৰ পৰা সম্পূর্ণ মুক্ত হ’ব পৰা নাই চীন৷ শেহতীয়াকৈ ক’ভিডৰ অতি সংক্রামক ভেৰিয়েণ্ট অমিক্রণৰ দ্বাৰা আটাইবোৰ লোক আক্রান্ত হোৱা বুলি নিশ্চিত কৰিছে চীনৰ স্বাস্থ্য বিভাগে৷ গতিকে কালি দেশখনে জৰুৰীভাৱে ১৩খন চহৰত কঠোৰ লকডাউন জাৰি কৰিছে৷ ইয়াৰ ফলত কেইবাকোটি লোক কার্যতঃ গৃহবন্দী হৈ পৰিছে বিশ্বৰ আটাইতকৈ জনবহুল ৰাষ্ট্রখনত৷

You might also like