নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাৰ ড০ ৰণজিৎ ডেকাৰ ঘৰতে স্থাপন ছয় সহস্ৰাধিক গ্ৰন্থসমৃদ্ধ শীতাতপ নিয়ন্ত্রিত পুথিভঁৰাল

নিয়মীয়া বাৰ্তা, ১৬ মার্চঃ ছাত্ৰ-ছাত্ৰীক অকল পাঠভিত্তিক শিক্ষাদানতে সীমাবদ্ধ নাৰাখি ব্যৱহাৰিক শিক্ষাত গুৰুত্ব দিয়া ৰাজ্যখনৰ আগশাৰীৰ শিক্ষানুষ্ঠান পাঠশালাস্থিত আনন্দৰাম বৰুৱা একাডেমিৰ স্বত্তাধিকাৰ ড° ৰণজিৎ ডেকাই এইবাৰ শিক্ষা-সংস্কৃতিৰ পীঠস্থান পাঠশালাত শৈক্ষিক দিশত আন এক সংযোজন ঘটাই সকলোকে আশান্বিত কৰি তুলিছে। উল্লেখ্য যে আনন্দৰাম বৰুৱা একাডেমিৰ দুটিকৈ চৌহদত ইতিপূৰ্বে দুটাকৈ বৃহৎ পুথিভঁৰাল স্থাপন কৰাৰ পাছত শেহতীয়াভাৱে ড° ডেকা আৰু তেওঁৰ পত্নী নন্দিতা বর্মন ডেকাই তেওঁলোকৰ পাঠশালাৰ ১ নং ৱাৰ্ডৰ কৃষ্ণনগৰস্থিত নিজ বাসগৃহৰ ওপৰ মহলাত এটি শীতাতাপ নিয়ন্ত্রিত আটকধুনীয়া আৰু অতি পৰিস্কাৰ-পৰিচন্ন পুথিভঁৰাল স্থাপন কৰি পাঠশালাৰ শৈক্ষিক দিশক অন্য এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। প্ৰায় ছয় সহস্ৰাধিক বহুমূলীয়া গ্ৰন্থ সমৃদ্ধ এই শীতাতপ নিয়ন্ত্রিত পুথিভঁৰালটিত একেলগে ৪০ গৰাকী লোকে নিজৰ পছন্দৰ কিতাপখন পঢ়িব পাৰিব।

অসম প্ৰকাশন পৰিষদ, কথা প্রকাশনকে আদি কৰি বিভিন্ন অভিজাত প্ৰকাশন গোষ্ঠী তথা জনপ্ৰিয় লেখকৰ, জোনাকী, আৱাহন আদি যুগৰপৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়লৈকে বিভিন্ন পৰ্যায়ৰ অসমীয়া আৰু ইংৰাজী ভাষাৰ গ্ৰন্থ এই অত্যাধুনিক গ্ৰন্থাগাৰটেত উপলব্ধ৷ কোনো গৱেষক ছাত্ৰই যদি কোনো বিষয়ত গৱেষণা কৰিব বিচাৰে নাইবা প্ৰকৃতাৰ্থত পঢ়াৰ প্ৰতি, জ্ঞান আহৰণৰ প্ৰতি ধাউতি থকা ব্যক্তিয়ে এই পুথিভঁৰালটো সম্পুৰ্ণ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব বুলি ড৹ ডেকা দম্পত্তিয়ে জানিবলৈ দিছে৷ পঞ্চাশ লক্ষাধিক টকা ব্যয়সাপেক্ষে স্থাপন কৰা এই গ্রন্থাগাৰে অসমৰ শৈক্ষিক ক্ষেত্ৰৰ পীঠস্থান স্বৰূপ পাঠশালাৰ বিদ্যায়তনিক পৰিমণ্ডলত ইতিবাচক প্রভাৱ যে পেলাব বুলি আশা কৰিব পাৰি৷ ড° ৰণজিৎ ডেকাৰ ঘৰত স্থাপন কৰা এই পুথিভঁৰালটো চাবলৈ ইতিমধ্যে বহু গ্ৰন্থানুৰাগীয়ে ভিৰ কৰিছে।
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like