হোলী উপলক্ষে ধুবুৰীত শনিবাৰে স্থানীয় বন্ধ ঘোষণা
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ হোলী উপলক্ষে অহা ১৯ মাৰ্চৰ দিনটো ধুবুৰী জিলাত স্থানীয় বন্ধৰ দিনৰূপে ঘোষণা কৰিছে জিলাখনৰ উপায়ুক্ত অন্বামুথন এম.পিয়ে। Negotiable Instruments Actৰ অধীনত এক নিৰ্দেশযোগে জিলা উপায়ুক্তই এই বন্ধ ঘোষণা কৰিছে৷ সেইদিনা ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, সকলো ৰাজহ আৰু দণ্ডাধীশৰ আদালত, সকলো শৈক্ষিক প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, সমবায় বেংক, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বন্ধ থাকিব৷ অৱশ্যে সেইদিনা হ’বলগীয়া বিভিন্ন পৰীক্ষা আয়োজনৰ লগত জড়িত সকলো শৈক্ষিক প্ৰতিষ্ঠান বা ব্যক্তিবিশেষক এই নিৰ্দেশৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে৷ আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে ধুবুৰীস্থ জনসংযোগ বিভাগৰ কাৰ্যালয়ে এই কথা সদৰি কৰিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী