নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে চিৰাঙৰ কয়লা ময়লাত ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ দেশৰ অন্যান্য প্ৰান্তৰ লগতে আজি চিৰাং জিলাতো ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস উদযাপন কৰা হয় ৷ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি উদযাপন কৰা ৰাষ্ট্ৰীয় টিকাকৰণ দিৱসত মূলতঃ চলিত বছৰৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ কৰা পলিঅ’ অভিযানৰ সময়ত পাৰৰ্দশিতা প্ৰদৰ্শন কৰা প্ৰতিটো ব্লকৰ পৰা দুগৰাকী আশা কৰ্মী আৰু এগৰাকী এ এন এম নাৰ্চক মান পত্ৰ সহ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ জিলাখনৰ স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত আৰু চিদলী খণ্ড স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ৰৌমাৰী ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত দিৱসৰ কাৰ্যসূচীত ৰৌমাৰী ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ এলড্ৰিন বসুমতাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে। চিদলীৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ উত্তম কুমাৰ বিশ্বাসে আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় টিকাকৰণ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷ বিগত ১৯৯৫ চনৰ ১৬ মাৰ্চৰ পৰা দেশত পলিঅ ছিটা প্ৰদান কৰা হেতুকে এই দিনটোত ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস পালনৰ চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি তেওঁ মন্তব্য কৰে ৷ দেশত ২০১৪ চনত পলিঅ মুক্ত ভাৰত হিচাপে স্বীকৃতি দিলেও দেশত যাতে পলিঅ ৰোগ বিয়পিব নোৱাৰে তাৰ বাবে অভিযান চলাই থকা হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে ৷ সভাত চিৰাঙৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈ, মুখ্য সহকাৰী স্বাস্থ্য বিষয়া ডাঃ দেৱানন্দ অধিকাৰী, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰাজু দাস, জিলা টীকাকৰণ বিষয়া ডাঃ ৰাতুল দাস উপস্থিত থাকে ৷ মুখ্য অতিথিৰূপে বিজনীৰ মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাই দিৱস উপলক্ষে জিলা প্ৰশাসনে নিৰ্বাচিত কৰা চিদলী ব্লকৰ এ এন এম সংগীতা দেৱী, আশা কৰ্মী আছমা বেগম আৰু আবিদা বেগমক মানপত্ৰ সহ পুৰস্কাৰ হিচাপে ট্ৰফী প্ৰদান কৰে । আনহাতে জিলা স্বাস্থ্য সেৱা সমিতিৰ অধীনৰ বল্লামগুৰি ব্লকৰ অন্তৰ্গত কয়লাময়লা সামূহিক ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় টিকাকৰণ দিৱসৰ অনুষ্ঠানত বল্লামগুৰী ব্লকত কৰ্তব্যৰ লগতে পাৰদৰ্শিতা দেখুওৱা কয়লাময়লাৰ এ এন এম মাইদাংশ্ৰী ব্ৰহ্ম, আশা কৰ্মী দ্বয় নীৰা নাৰ্জাৰী আৰু প্ৰণীতা ব্ৰহ্মক মান পত্ৰসহ পুৰস্কৃত কৰে ৷ অনুষ্ঠানত বিজনী মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰবিৰাম ওৱাৰী, বল্লামগুৰি মহকুমা স্বাস্থ্য বিষয়া ডাঃ চিত্তৰঞ্জন হালদাৰ, চিৰাং জিলা টিকাকৰণ বিষয়া ডাঃ ৰাতুল দাস, মুখ্য সহকাৰী স্বাস্থ্য বিষয়া ডাঃ দেৱানন্দ অধিকাৰী বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ৷।
প্ৰেৰক বিপুল কুমাৰ দাস

You might also like