শুৱালকুছিৰ পথত মেধিতুলীয়া ৰাইজ গয়ৰহৰ স্বচ্ছ অভিযান
বিশেষ বাৰ্তা, শুৱালকুছি, ১৭ মাৰ্চঃ বস্ৰনগৰী শুৱালকুছিৰ অতি পুৰণি (এশ বছৰ অতিক্ৰম কৰা) গঞাৰ অনুস্হান ’মেধিতুলীয়া ডেকা ৰাইজ গয়ৰহ’ৰ অংশীদাৰ সদস্য সকলে আজি শুৱালকুছিৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈকে যোৱা অন্যতম এ চি চি পথত এক স্বচ্ছতা অভিযান চলাই পথৰ চৌদিশৰ পৰিবেশটো আকৰ্ষণীয় কৰি তোলে ৷ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছতে নিৰ্মাণ কৰা উক্ত এ চি চি পথটিৰে দৈনিক ব্ৰহ্মপুত্ৰৰ পাৰলৈ শ-শ লোকৰ আগমন ঘটে ৷ আনহাতে সন্ধিয়া বিশাল ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক মনোমোহা দ্শ্য আৰু সূৰ্য অস্ত যোৱাৰ এটা মূহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ উক্ত পথৰে বহু দৰ্শনাৰ্থী গৈ ব্ৰহ্মপুত্ৰৰ পাৰত সমাগম হয় ৷ সেয়েহে পথটি প্ৰতিদিনে চাফ চিকুণ কৰি ৰখাৰ বাবে স্হানীয় মেধিতুলীয়া ৰাইজে এক সংকল্প গ্ৰহণ কৰি প্ৰায়ে পথটি স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আজিয়ো পুৱা ৬ বজাৰ পৰা সামাজিক দ্বায়বদ্ধৰে সম্দ্ধ মেধিতুলীয়া ডেকা ৰাইজ গয়ৰহৰ অংশীদাৰ সদস্য সকলে পথটিৰ চৌদিশে এক চাফাই কাৰ্যসূচী ৰূপায়ণ কৰি এক সুন্দৰ পৰিবেশ স্স্টি কৰাত শুৱালকুছিৰ সৰ্বস্তৰ জনগণে অনুস্হানটোৰ কৰ্মকৰ্তা সকলক ভূয়সী প্ৰশংসা কৰিছে ৷ অনুস্হানটোৰ মড়ল(সভাপতি) দিলীপ মেধি আৰু কাকতি(সম্পাদক) অনিল মেধিয়ে স্বচ্ছতা অভিযান সফল কৰি তোলাৰ বাবে অনুস্হানটোৰ প্ৰতিগৰাকী অংশীদাৰ সদস্যক ধন্যবাদ জ্ঞাপন কৰিছে ৷