‘নিয়মীয়া বাৰ্তা’ৰ বাতৰিৰ প্ৰভাৱঃ ইতিহাস হোৱাৰ পৰা ৰক্ষা বিহালী মিজিকাজান জংঘল বস্তি বিদ্যালয়
বিশেষ বাৰ্তা, বৰগাং, ১৭ মাৰ্চ : বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত মিজিকাজান চাহ বাগিচাৰ জংঘল বস্তিত ২৫ বছৰ পূৰ্বে স্থাপিত জংঘল বস্তি প্ৰাথমিক বিদ্যালয়খন অৱশেষত চৰকাৰে বন্ধ কৰি বিদ্যালয়ৰ দুগৰাকী শিক্ষয়িত্ৰীক পশ্চিম মিজিকা প্ৰাথমিক বিদ্যালয়ত কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত হাহাকাৰ সৃষ্টি হোৱাৰ লগতে তল খাপৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ক্ৰমান্বয়ে বিদ্যালয় এৰাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছিল।অভিভাৱকসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ কথা যোৱা ১৫ মাৰ্চত “নিয়মীয়া বাৰ্তা” ত প্ৰকাশ হোৱাৰ পাছত বিদ্যালয়খন সন্দৰ্ভত বিভাগীয়ভাবে প্ৰতিবেদন বিচৰা হয় আৰু উক্ত ঠাইত বিদ্যালয়ৰ এখনৰ প্ৰয়োজনীয়তা আছে বুলি প্ৰতিপন্ন হোৱাত বিদ্যালয়খন পুনৰ বাহাল ৰখাৰ ব্যৱস্থা কৰা হ’ব আৰু অহা এপ্ৰিল মাহত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰি পূৰ্বৰ দৰে চলি থাকিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, বিদ্যালয়খন জংঘল বস্তি প্ৰাথমিক বিদ্যালয় নামেৰে ১৯৮৫ চনত ৰাইজে বাগিচাখনৰ ৮নং আৰু ৫নং লাইনৰ মাজতে স্থাপন কৰিছিল৷ সৰ্বশিক্ষা অভিযান, অসমৰ অধীনত অতি সুন্দৰকৈ পৰিচালিত হৈ আছিল। অৱশ্যে ২০২১ চনলৈকে বিদ্যালয়খন প্ৰাদেশিকৰণ হোৱা নাছিল আৰু চৰকাৰে বন্ধ কৰি পশ্চিম মিজিকা প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰি দিছিল। আনহাতে, যোৱা ১৫ মাৰ্চত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কিষান সহিত এটি সঁজাতি দলে জিলা উপায়ুক্তক সাক্ষাৎ কৰি বিদ্যালয়খনৰ প্ৰয়োজনীয়তা কথা উল্লেখ কৰি এক আবেদন জনাইছিল বুলি সাৰিতা কিষানে জানিব দিছে। যি কি নহওঁক বিদ্যালয়খন পুনৰ পূৰ্বৰ ঠাইতে বাহাল ৰখাৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা প্ৰকট হোৱাত ৰাইজে ‘নিয়মীয়া বাৰ্তা’ৰ লগতে শিক্ষা বিভাগ আৰু চৰকাৰৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।