নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ কৃষি উদ্যোগী অশোক মেধিৰ বঁটা লাভত উল্লাস

নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ, ১৭ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্যোগত আয়োজিত আঞ্চলিক উত্তৰ পূৰ্বাঞ্চলৰ কৃষি মেলাত নলবাৰী জিলাৰ এগৰাকী উদ্যোগী যুৱ কৃষক অশোক মেধিয়ে তেওঁৰ সৃজনশীল কৰ্মৰাজিৰ বাবে বঁটা লাভ কৰিবলৈ সক্ষম হোৱাত নলবাৰীৰ কৃষক সকলৰ উপৰিও নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰ, জিলা কৃষি বিভাগ আদিয়ে অশোক মেধিক অভিনন্দন জনাইছে। যোৱা ১২ মাৰ্চত কৃষি মেলাত উপস্থিত থাকি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎচন্দন ডেকা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাই অশোক মেধিক বঁটা প্ৰদান কৰে। উল্লেখ্য যে অশোক মেধিয়ে ২০০৫ চনৰ পৰাই অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহন কৰি
ব্যাৱসায় ভিত্তিত কেঁচুসাৰ প্ৰস্তুত কৰা কামত নিয়োজিত হৈছিল। গুৱাহাটী মহানগৰীত কেঁচুসাৰ ব্যৱসায় কৰোতে তেওঁৰ মনত এক নতুন ভাৱৰ উদয় হয় যে চহৰ তথা নগৰৰ বাসিন্দা সকলে ফুলনি বা শাক পাচলিৰ খেতি কৰিবলৈ আগ্ৰহী কিন্তু চহৰ নগৰত খেতিৰ মাটিৰ অভাৱ। গতিকে তেওঁ লোকক যদি টাৱত খেতি কৰিবলৈ এক সাৰুৱা মাটিৰ যোগান ধৰা হয়, ইয়ে নিশ্বয় কংক্ৰীটৰ মহানগৰীত বাস কৰা কৃষিৰ প্ৰতি আগ্ৰহী লোক সকলৰ প্ৰয়োজন পুৰণ কৰিব। ইয়াৰ আলমত মেধিয়ে আৰম্ভ কৰে “টাব চইল” নাম দি এক সাৰুৱা মাটিৰ প্ৰস্তুত কৰি বজাৰত মুকলি কৰি দিয়ে। এই ‘টাব চইল’ সম্পূৰ্ণ জৈৱিক। ইতিমধ্যে টাব চইলে ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য চিকিম, মেঘালয় আৰু অৰুণাচল প্ৰদেশতো এই টাব চইলৰ ব্যাৱসায় চলি আছে। অশোক মেধিয়ে উদ্ভাৱন কৰা টাব চইল আৰু ইয়াৰ ব্যাৱসায় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত একক আৰু অনন্য। যাৰ বাবে মেধিয়ে সন্মানীয় পুৰষ্কাৰ পাবলৈ সক্ষম হয়। আনহাতে নলবাৰী জিলাৰ আন এগৰাকী কেঁচুসাৰ প্ৰস্তুতৰ লগত জড়িত উদ্যোগী মহিলা কনিকা তালুকদাৰকো এই কৃষি মেলাতে সম্বৰ্ধনা জনায়। ইফালে কৃষি মেলাত নলবাৰীৰ উদ্যোগী কৃষক অশোক মেধিয়ে বঁটা লাভ কৰাত নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ মানসী চক্ৰৱৰ্তী য়ে অভিনন্দন জনাইছে।
You might also like