বিশমাইলৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত সাংস্কৃতিক শোভাযাত্ৰা
নিয়মীয়া বাৰ্তা, চাবুৱা, ১৭ মাৰ্চঃ ৰাজ্যৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ উল্লেখযোগ্য প্ৰশিক্ষণ প্ৰতিষ্ঠান হৈছে চাবুৱাৰ বিশমাইলত অৱস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ। এই প্ৰতিষ্ঠানটোৰ বাৰ্ষিক সপ্তাহ উপলক্ষে আয়োজন কৰা খেলো বি টি চি ৰ এটি কাৰ্যসূচী বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী চাবুৱাৰ ৰাজপথত দেখিবলৈ পোৱা যায়। প্ৰশিক্ষাৰ্থীসকলে অসমৰ কলা-কৃষ্টিক সামৰি ভিন্ন বেশেৰে শোভাযাত্ৰাত অংশ লয়। এই শোভাযাত্ৰাত সত্ৰীয়া সংস্কৃতি, মহাৰাস, টাই আহোম সাজপাৰ, শাৰদীয় দুৰ্গোতসৱ, গামোচাৰ প্ৰতীকী ৰূপ, অসমীয়া বিয়ানাম আৰু নাৰী নিৰ্যাতন ৰোধ, গছ কটা বন্ধ কৰাৰ সজাগতামুলক বহু বিষয় প্ৰশিক্ষাৰ্থীয়ে দাঙি ধৰে। ১৪, ১৫, ১৬, আৰু ১৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা খেলো বি টি চি কাৰ্যসূচী অন্ত পৰে যদিও বিগত কেওটা দিনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী অনুষ্ঠান ২১ মাৰ্চত আয়োজন কৰা হ’ব বুলি বি টি চি কৰ্তপক্ষই জানিবলৈ দিছে।