কলগাছিয়াৰ দিগজানিত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চ : কলগাছিয়াৰ দিগজানিত বৃহত পৰিমাণৰ অবৈধ কাঠ জব্দ। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আজি কলগাছিয়াৰ দিগজানিৰ পৰা বৰপেটাৰোড্ আৰু সৰভোগ বন বিভাগে বৃহৎ পৰিমাণৰ কাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত কাঠখিনি সৰভোগ বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ যায়। কাঠ খিনিৰ বজাৰ মূল্য ৭-৮ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। বন বিভাগে কাঠখিনিৰ নথি-পত্ৰৰ তদন্ত আৰম্ভ কৰিছে। পৰৱৰ্তী সময়ত বৰপেটাৰোড্ আৰু সৰভোগ বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্ণীয় হ’ব।
প্ৰেৰক মফিদুল ইছলাম