নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ ভোটান্ত সাদেৰীত জাতীয় বিদ্যালয়ৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ গুণগত মান সম্পন্ন শিক্ষাৰে শিক্ষাৰ্থীসকলক সু- নাগৰিক হিচাপে গঢ়াত বিদ্যালয়সমূহে গুৰুত্ব দিয়া উচিত৷ কাৰণ সুস্থ সমাজ গঠনত আজিৰ প্ৰজন্মই ভৱিষ্যতে আগভাগ ল’বই লাগিব৷ বজালী জিলাৰ ভোটান্ত সাদেৰীত ৰূপকোঁৱৰ জাতীয় বিদ্যালয় নামৰ নতুন শিক্ষানুষ্ঠান এখনৰ শুভ উদ্বোধন কৰি এই মন্তব্য আগবঢ়ায় বিশিষ্ট শিক্ষাবিদ তথা সোনাপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰত্নেশ্বৰ দাসে৷ অনুষ্ঠানৰ প্ৰাৰম্ভিকতে ৰূপকোঁৱৰ কলা একাডেমী আৰু ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ৰ পতাকা উত্তোলন কৰে ক্ৰমে একাডেমিৰ সঞ্চালক অংকুৰ বৰুৱা আৰু জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ চন্দ্ৰ তালুকদাৰে৷ ফিঙুৱাগড় মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধনেশ্বৰ তালুকদাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই অনুষ্ঠিত হোৱা উদ্বোধনী সভাত বিশিষ্ট শিক্ষাবিদ তথা এম এন চি মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মুৰাৰি মোহন দত্তই নতুন শিক্ষানীতি সন্দৰ্ভত শিক্ষাৰ্থী তথা অভিভাৱকসকলক অৱগত কৰাৰ লগতে জাতীয় বিদ্যালয়খন স্থাপন কৰা উদ্যোগী ব্যক্তিসকলৰ শলাগ লয়৷ তদুপৰি এই অনুষ্ঠানতেই এই বৰ্ষত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰা বজালীৰ বিশিষ্ট সাহিত্যিক, কলাবিদ লক্ষ্মী দাস আৰু শিল্পী পেঞ্চন লাভ কৰা লোকগীতৰ সম্ৰাট বসন্ত পাটগিৰিক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠান পৰিচালনা সমিতিৰ সভাপতি বিপুল বৰুৱাই আঁত ধৰা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰয়াত তাৰিণী দাস সোঁৱৰণী প্ৰাইজমানি চিত্ৰাংকন, প্ৰয়াত পুতুলী খাটনিয়াৰ আৰু শ্বহীদ প্ৰণয় কলিতা সোঁৱৰণী প্ৰইজমানি নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়৷ সভাৰ শেষত শলাগ জ্ঞাপন কৰে শিক্ষানুষ্ঠানখনৰ মুখ্য পৃষ্ঠপোষক কনক বৰুৱাই৷
প্ৰেৰক কল্যাণ কলিতা

You might also like