নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটে আনিলে সুখবৰঃ সৰুপেটাত নতুনকৈ নিৰ্মাণ হ’ব ৰেলৱে উৰণীয়া সেতু

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ কালি ৰাজ্য বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত ৪১নং ভৱানীপুৰ সমষ্টিৰ সৰুপেটাত ৰেলৱে উৰণীয়া সেতু নিৰ্মাণৰ বিষয়ে ঘোষণা কৰাত স্বাভাৱিকতেই অঞ্চলটোৰ ৰাইজ যথেষ্ট পৰিমাণে উৎফুল্লিত হোৱা দেখা গৈছে।উল্লেখ্য,কালি ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত ৰাজ্যৰ বিভিন্ন স্থানত অবস্থিত ৰেলৱে ক্ৰছিঙসমূহত মুঠ ১৯ খন নতুন ৰেলৱে উৰণীয়া সেতু নিৰ্মাণৰ কথা ঘোষণা কৰিছিল।আনহাতে,পৰাধীন ভাৰতত ১৯২৮ চনতে স্থাপিত সৰুপেটা ৰেলৱে ষ্টেচনত সুদীৰ্ঘ প্ৰায় ৯৫ টা বছৰৰ মূৰত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ উৰণীয়া সেঁতু নিৰ্মাণৰ এই ঘোষণাক সমষ্টিটোৰ বাসিন্দা সকলে স্বাভাৱিকভাবেই আদৰণি জনোৱাও দেখা গৈছে।সৰুপেটাত ৰেলৱে উৰণীয়া সেঁতুৰ নিৰ্মাণে সমষ্টিটোৰ আৰ্থ- সামাজিক ক্ষেত্ৰখনত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা লক্ষ্য কৰা গৈছে।প্ৰস্তাবিত উক্ত উৰণীয়া সেতুসমূহ ৰাজ্য আৰু কেন্দ্ৰ দুয়োখন চৰকাৰৰ প্ৰত্যেকৰে ৫০ শতাংশকৈ অৰ্থব্যয়েৰে নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰা হৈছে।উল্লেখ্য,’অসম আন্দোলন’ৰ প্ৰথমগৰাকী শ্বহীদৰ গৃহসমষ্টি ভবানীপুৰৰ সৰুপেটাত ৰেলৱে উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে স্থানীয় ৰাইজৰ লগতে সৰুপেটা ৰেলযাত্ৰী সংস্থাইও ৰাজ্য চৰকাৰৰ লগতে ভাৰতৰ ৰেল মন্ত্ৰালয়ৰ ওচৰত দীৰ্ঘদিন দাবী উত্থাপন কৰি আহিছে।তদুপৰি সমষ্টিটোৰ বিগত উপ নিৰ্বাচনৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত ভৱানীপুৰ সমষ্টিৰ দীৰ্ঘদিনীয়া বহু দাবী পূৰণৰ প্ৰতিশ্ৰুতি প্ৰদানৰ লগতে প্ৰস্তাবিত ৰেলৱে উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ কথাও ঘোষণা কৰিছিল।সমষ্টিবাসী ৰাইজে উৰণীয়া সেঁতু নিৰ্মাণৰ এই উদ্যোগৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিশেষকৈ সমষ্টিটোৰ বিধায়ক ফণীধৰ তালুকদাৰক এই ক্ষেত্ৰত বিশেষ ধন্যবাদ জ্ঞাপন কৰিছে।সমষ্টিটোৰ বিধায়ক ফণীধৰ তালুকদাৰে অহা ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজহাতে এই উৰণীয়া সেঁতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব বুলি ইতিমধ্যে বিভিন্ন সভাই-সমিতিয়ে ঘোষণা কৰিছে।আনহাতে এই প্ৰসঙ্গতে গ্ৰামীণ কৃষি প্ৰধান অঞ্চলটোত ৰেলৱে ক্ৰছিঙৰ পুৰণি ‘গেট’খনো সমান্তৰালকৈ কাৰ্যক্ষম কৰি ৰখাৰ দাবী উত্থাপন কৰিছে সমষ্টিটোৰ একাংশ সচেতন ৰাইজে।পুৰণি ‘ৰেল গেট’খন সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে এইক্ষেত্ৰত বিশেষকৈ অঞ্চলটোৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত বয়-বস্তু ঠেলা,গৰু গাড়ী,ট্ৰেক্টৰ আদিৰে কঢ়িওৱাত যথেষ্ট আহুকালৰ সম্মুখীন হবলগীয়াত পৰিব বুলি মন্তব্য কৰিছে। সমান্তৰালকৈ ইয়াৰ ফলত বয়স্ক লোকসকলৰ লগতে ৰুগীয়া লোকসকলো প্ৰচুৰ পৰিমাণে অসুবিধাৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে বুলিও মত পোষণ কৰিছে সচেতন লোকসকলে। উল্লেখ্য,নতুনকৈ উৰণীয়া সেঁতু নিৰ্মাণৰ ফলত ইতিমধ্যে বহু ঠাইতে স্থানীয় জনসাধাৰণে এনেধৰণৰ অসুবিধাৰ সম্মুখীন হোৱাটো এক নিয়মীয়া ঘটনাত পৰিণত হৈছে।

প্ৰেৰক ভূষণ তালুকদাৰ 

You might also like